বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান

বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতৈ আৰু নাই। শুকুৰবাৰে নিশা ১০.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কেৱলীয়া ভকত, গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, এইগৰাকী শংকৰী কৃষ্টি-সংস্কৃতিৰ সাধকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৫ বছৰ।

বিগত কিছু মাহৰ পৰা ৰোগগ্ৰস্ত আতৈগৰাকীক বটদ্ৰৱা থানৰ নিজা বঢ়াতে চিকিৎসকৰ তত্বাবধানত চিকিৎসাসেৱা প্ৰদান কৰি থকা হৈছিল৷

উল্লেখ্য যে, বটদ্ৰৱা থানখনৰ আত্মা স্বৰূপ যোগেশ আতৈ কাহিলি পুৱাৰে পৰা নিশা এপৰলৈ থানৰ ১৪ প্ৰসংগৰ গুৰি ধৰি থকাৰ উপৰিও মূল ভড়ালীৰ গুৰু দায়িত্ব অতি নিষ্ঠা আৰু ভক্তিভাৱেৰে পালন কৰি আহিছিল৷ এমাহ আগলৈকে এই সকলোবোৰ কাৰ্য সূচাৰুৰূপে পালন কৰি গৈছিল আতৈয়ে।

আতৈ গৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে শ'লগুৰি আৰু নৰোৱা সত্ৰৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ৰাইজ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ঢাপলি মেলিছে বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in