বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব জ’ বাইডেনে…

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব জ’ বাইডেনে…

ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ কাৰ্যকালৰ অন্তিমটো দিনত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনক শুভকামনা জ্ঞাপন কৰে । বুধবাৰে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে শপত গ্ৰহন কৰাৰ লগতে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেও শপত গ্ৰহন কৰিব ।

উল্লেখযোগ্য যে ডেলাইভাৰৰ উইলমিংটনৰ পৰা ৱাশ্বিংটনলৈ যাত্ৰা কৰাৰ সময়ত বিদায় সমাৰোহত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বাইডেন আবেগিক হৈ পৰে । ইফালে ৱাশ্বিংটনলৈ যাত্ৰা কৰাৰ সময়ত তেওঁৰ প্ৰয়াত সন্তান বিউক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

আমেৰিকাৰ ইতিহাসত সকলোতকৈ অধিক বযসীয়াল ৰাষ্ট্ৰপতি হ'ব জ' বাইডেন । বাইডেনে শপত গ্ৰহনৰ পিছতে প্ৰথমবাৰৰ বাবে দেশখনক সম্বোধন কৰি ভাষন প্ৰদান কৰিব । বাইডেনৰ এই ভাষন প্ৰস্তুত কৰিছে বিনয় ৰেড্ডীয়ে । এই ভাষন একতাৰ ওপৰত আধাৰিত হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in