ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণৰ পাছতেই কি ক’লে জ’ বাইডেনে…

ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণৰ পাছতেই কি ক’লে জ’ বাইডেনে…

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা প্ৰায় ১০.২০ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰিলে জ' বাইডেনে। তেওঁক শপতবাক্য পাঠ কৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জ'ন ৰবাৰ্টে। উল্লেখ্য যে, বয়সৰ ক্ষেত্ৰত জ' বাইডেন আমেৰিকাৰ জ্যেষ্ঠ ৰাষ্ট্ৰপতি।

ইফালে, শপতগ্ৰহণৰ পাছতে জ' বাইডেনে আমেৰিকাবাসীক সম্বোধন কৰি কয়- 'আজি আমি কোনো প্ৰাৰ্থীৰ জয়ৰ বাবে উদযাপন নকৰো, উদযাপন কৰো গণতন্ত্ৰৰ বাবেহে। মানুহৰ মনৰ ইচ্ছাবোৰ শুনা হৈছে। আমি পুনৰ শিকিছোঁ যে গণতন্ত্ৰ মূল্যবান, আৰু মোৰ বন্ধু, এই সময়ত গণতন্ত্ৰ বিৰাজমান।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in