দিল্লীত অসমক লৈ ছাত্ৰনেতাই কৰা মন্তব্যৰ দেশজোৰা প্ৰতিক্ৰিয়া, অসম চৰকাৰে তৰিব গোচৰ…

দিল্লীত অসমক লৈ ছাত্ৰনেতাই কৰা মন্তব্যৰ দেশজোৰা প্ৰতিক্ৰিয়া, অসম চৰকাৰে তৰিব গোচৰ…

ডিজিটেল ডেস্কঃ দিল্লীত শ্বাহীনবাগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰদ্ধে অব্যাহত থকা প্ৰতিবাদী আন্দোলনস্থলীত যোৱা নিশা জে এন ইউৰ ছাত্ৰ তথা এই প্ৰতিবাদী আন্দোলনৰ নেতা ছাৰ্জিল ইমামে দিয়া অগ্নিবৰষা ভাষণত অসম তথা উত্তপ পূৰ্বাঞ্চলক দেশৰ মূল ভূখণ্ডৰ সৈতে বিলগ্ন কৰি দিব বুলি কৰা প্ৰতিক্ৰিয়াশীল মন্তব্যই দিল্লীৰ লগতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছাৰ্জিল ইমামৰ ভাষণৰ ভিডিঅ' নিশাৰ ভিতৰতে সমগ্ৰ দেশত ছ'চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিচত দিল্লী-দিছপুৰতে নহয়, অসমত কা বিৰোধী আন্দোলন অব্যাহত ৰখা সংগঠনৰ সমূহৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে এই প্ৰৰোচনামূলক বক্তব্যৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই আয়োজন কৰা এক সংবাদমেলত ইমামৰ বক্তব্যক ৰাষ্ট্ৰৰ অখণ্ডতা বিৰোধী তথা সাম্প্ৰদায়িক প্ৰৰোচনামূলক বুলি অভিহিত কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে অসমত আয়োজন কৰা এক সংবাদমেলত ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ ফালৰ পৰা এই গৰাকী নেতাৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ তৰা হ'ব বুলি ঘোষণা কৰে।

স্মৰ্তব্য যে, শুকুৰবাৰে নিশা দিল্লীৰ শ্বাহীনবাগত দিয়া উদাত্ত ভাষণৰ মাজতে ছাৰ্জিল ইমামে অসমৰ প্ৰসংগ টানি আনি কয় যে, আমাৰ সৈতে যদি ৫ লাখ শুভাকাংশী থাকে তেন্তে আমি ভাৰতৰ পৰা উত্তৰ-পূব আৰু অসমক বিচ্ছিন্ন কৰি দিব পাৰো। এই কাম দীৰ্ঘম্যাদী নহলেও কমেও এমাহৰ বাবে বিচ্ছিন্ন কৰি থব পাৰো। অসমত কা বিৰোধী আন্দোলন হৈ আছে। এই আন্দোলনক বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। গতিকে আমাৰ কন্ঠ চৰকাৰৰ কাণত পেলাবলৈ হ'লে আমি অসমক বিচ্ছিন্ন কৰিব লাগিব। ইয়াৰ বাবে অসমৰ সৈতে সকলো যোগাযোগ বন্ধ কৰি দিব লাগিব। অসমলৈ যোৱা সকলো সা-সামগ্ৰীৰ ৰপ্তানি বন্ধ কৰি দিব লাগিব। ইমামৰ বক্তব্যটো-

অসমৰ কা বিৰোধী আন্দোলনেৰে জড়িত ব্যক্তি তথা সংগঠনসমূহেও ছাত্ৰ নেতাগৰাকীৰ এনে প্ৰৰোচনামূলক বক্তব্যই অসমৰ গণতান্ত্ৰিক আন্দোলনক শক্তিশালী কৰাৰ পৰিৰ্ৱতে কলংকিতহে কৰিব বুলি অভিহিত কৰি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in