হাই এলাৰ্টৰ মাজতে দিল্লীত জেএনইউৰ ছাত্ৰ নেতা ওমৰ খালিদক হত্যাৰ চেষ্টা

হাই এলাৰ্টৰ মাজতে দিল্লীত জেএনইউৰ ছাত্ৰ নেতা ওমৰ খালিদক হত্যাৰ চেষ্টা

ডিজিটেল ডেস্কঃ গেংষ্টাৰ ৰবি পূজাৰীৰ পৰা মৃত্যুৰ ভাবুকি পোৱা বুলি অৰক্ষীক অভিযোগ দাখিলৰ দুমাহ পিছত আশংকা কৰা ধৰণেই আক্ৰমণৰ সন্মুখীন হ'ল ওমৰ খালিদ। সোমবাৰে সংসদ ভৱনৰ সমীপৰ কনষ্টিটিউশ্যন ক্লাৱত এখন সভাত ভাগ ল'বলৈ অহাৰ সময়তে জেন এন ইউৰ ছাত্ৰ নেতাজনক লক্ষ্য কৰি অজ্ঞাত দুৰ্বৃত্তই গুলীচালনা কৰে।

অৱশ্যে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে জেএনইউ কাণ্ডক লৈ দেশদ্ৰোহী আখ্যা পোৱা ওমৰ খালিদ। 'দেশত এতিয়া আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। চৰকাৰৰ বিৰুদ্ধে কিবা এটা মন্তব্য কৰিলেই এনেদৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিবলগীয়া হয়'।– আক্ৰমণটোৰ পৰা কথমপি ৰক্ষা পৰাৰ পিছতে এইদৰে কয় খালিদে।

উল্লেখ্য যে বিয়লিৰ ভাগত কনষ্টিটিউশ্যন ক্লাৱত ইউনাইটেড এগেইনষ্ট হেট নামৰ এটা সংগঠনটোৱে আয়োজন কৰিছিল 'ক্ষোভ ছে আজাদী' শীৰ্ষক এখন সভাৰ। সেই সভাখনত ভাগ ল'বলৈ উক্ত স্থানত ভৰি দিয়াৰ লগে লগে ৩জন অজ্ঞাত লোক তাত উপস্থিত হয় আৰু খালিদলৈ লক্ষ্য কৰি গুলী এৰে।

'আমি তেতিয়া চাহ খাই আছিলো। সেই সময়তে বগা টী-ছাৰ্ট পৰিহিত এজন লোকে খালিদক লক্ষ্য কৰি গুলীচালনা কৰে। খালিদে থতমত খাই মাটিত বাগৰি পৰে আৰু গুলী গাত নলগাকৈ কাষেৰে পাৰ হৈ যায়। লগে লগে মানুহজনে পিষ্টলটো ভিতৰত সুমুৱাই লৈ সেই স্থানৰ পৰা পলায়ন কৰে'।–এজন প্ৰত্যক্ষদৰ্শীয়ে কয়।

১৫ আগষ্টক লৈ দেশৰ ৰাজধানী নতুন দিল্লী নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ মাজতে খালিদক এনেদৰে আক্ৰমণ চলোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি জেএনইউৰ ছাত্ৰ নেত্ৰী শ্বিলা ৰছিদে চৰকাৰক টুইটযোগে তীব্ৰ সমালোচনা কৰে। গুজৰাটৰ দলিত নেতা তথা বিধায়ক জিগ্নেশ মেৱানীয়েও ঘটনাটোক লৈ টুইটযোগে প্ৰতিক্ৰিয়া কৰিছে। টুইটত দলিত নেতাজনে কয় যে তেওঁৰ ওপৰতো এনেদৰে আক্ৰমণ চলাবলৈ এচামে ছেগ চাই আছে।

উল্লেখ্য যে জেন এন ইউ কাণ্ডক লৈ দেশদ্ৰোহী আখ্যা পোৱাৰ পিছতে কানহায়া কুমাৰৰ সৈতে দুবছৰ পূৰ্বেই হত্যাৰ ভাবুকি লাভ কৰিছিল খালিদে। সংসদত আক্ৰমণ সংঘটিত কৰি মৃত্যুদণ্ডৰে দণ্ডিত হোৱা অফজাল গুৰুক লৈ আয়োজিত এখন সভাত ভাগ লৈ দেশ বিৰোধী শ্লগান দিয়া বুলি উত্থাপিত হোৱা অভিযোগৰ পিছতে এইদৰে বিভিন্ন ঠাইৰ পৰা নিন্দা আৰু ভাবুকিৰ সন্মুখীন হৈছিল ছাত্ৰনেতাজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in