যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ পুৰুষৰ পৰা আঁতৰত থাকক : জে এন ইউৰ অদ্ভুত পৰমাৰ্শ…

যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ পুৰুষৰ পৰা আঁতৰত থাকক : জে এন ইউৰ অদ্ভুত পৰমাৰ্শ…

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কৰ সূচনা হৈছে জে এন ইউত। দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিৰ এক পৰামৰ্শক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্ক। সমিতিয়ে ছাত্ৰীসকলক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ ছাত্ৰ আৰু পুৰুষৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ পিছতে দেশজুৰি পুনৰ সৃষ্টি হৈছে বিতৰ্ক।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সংগঠনৰ উপৰিও আন বহু কেইটা ছাত্ৰ সংগঠনে আভ্যন্তৰীণ অভিযোগ সমিতিৰ এই পৰামৰ্শৰ বিৰুদ্ধে মাত মাতিছে। কেৱল ইয়াৰ বিৰোধিতা কৰাই নহয়, সংগঠন কেইটাই প্ৰতিবাদো সাব্যস্ত কৰিছে। এই প্ৰসংগত অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ'চিয়েশ্যনে কয় যে, এই পৰামৰ্শই বিশ্ববিদ্যালয়খনৰ ছাত্ৰীৰ লগতে মহিলাসকলৰ বাবে অধিক অসুৰক্ষিত কৰি তুলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in