ৰিয়াং ডিজিটেল চিনেমাক লৈ পাৰ্বত্য ভূমিত প্ৰতিক্ৰিয়াঃ জিলা আৰক্ষী অধীক্ষক, আৰক্ষী আয়ুক্তৰ ওচৰত গোচৰ…

ৰিয়াং ডিজিটেল চিনেমাক লৈ পাৰ্বত্য ভূমিত প্ৰতিক্ৰিয়াঃ জিলা আৰক্ষী অধীক্ষক, আৰক্ষী আয়ুক্তৰ ওচৰত গোচৰ…

ডিজিটেল ডেস্কঃ ডিমাচা মহিলাসকলৰ ঐক্যমঞ্চ, গুৱাহাটীৰ সভাপতি চায়াৰাণী থাওছেনে সংগঠনটোৰ কাৰ্যকৰী সদস্য ইন্দিৰা হোজাই, মন্দিৰা পুৰুছা আৰু আনসকল সদস্যৰ সৈতে বুধবাৰ অৰ্থাৎ ১৬ অক্টোবৰ, ২০১৯ত 'নাকাহম ৰিয়াংছুৱাননেইক, এখন নাগা মূলৰ ৰংমেই জনগোষ্ঠীয় ডিজিটেল ছবি'খনৰ বিৰুদ্ধে আৰক্ষী আয়ুক্ত দীপক কুমাৰলৈ প্ৰেৰণ কৰে এক পত্ৰ, য'ত তেওঁলোকে এই ছবিখনৰ বিৰোধিতা কৰা কথা জনায়। ইফালে, মঙলবাৰে জাডিখে নাইছ' হছম (জে এন এইছ), ডিমাছাৰ সভাপতি দেথাং নাইডিংসহ আনবোৰ সদস্যয়ো জিলা আৰক্ষী অধীক্ষকলৈ এই ছবিখনৰ বিৰুদ্ধে আপত্তি দৰ্শাই ৰুজু কৰিছে গোচৰ।

দুয়োটা সংগঠনে পত্ৰখনত উল্লেখ কৰে যে এই ছবিখনে ৰিয়াং জন-জাতিৰ ভাষা-সাহিত্য তথা ডিমাছাৰ ৰজা আৰু তাৰে নাগৰিকসকলৰ এক বিকৃত ছবি দাঙি ধৰিছে। আৰু লগতে হুংকাৰ দিয়ে যে এই ছবিখনৰ সন্দৰ্ভত আলোচনা তথা সমগ্ৰ বিষয়ৰ ওপৰত বিবেচনা কৰাৰ পূৰ্বেই যদি ছবিখনে মুক্তি লাভ কৰে, তেন্তে এই অঞ্চলটোত আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ'ব পাৰে।

আনহাতে, একাংশ সচেতনলোকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিবপাৰে। লগতে আহ্বান জনাই যে, যিবোৰ কাৰ্যই শান্তিপ্ৰিয় এই জনজাতিৰ লোকসকলৰ মাজত ভুলবুজাবুজিৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা যাতে নকৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in