সকলো প্ৰাপ্তবয়স্কক  ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ কৰা দেশৰ প্ৰথমখন গাঁও….

সকলো প্ৰাপ্তবয়স্কক ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ কৰা দেশৰ প্ৰথমখন গাঁও….

সকলো প্ৰাপ্তবয়স্ক লোকক ভেকচিন প্ৰদান কৰা দেশৰ প্ৰথমখন গাঁৱলৈ পৰিগণিত হল হেমলেট

ডিজিটেল ডেস্কঃ সকলো প্ৰাপ্তবয়স্ক লোককে ক'ভিড -১৯ ৰ ভেকচিন প্ৰদান কৰা প্ৰথমখন গাঁৱলৈ পৰিগণিত হ'ল জন্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ পিছপৰা অঞ্চলৰ হেমলেট নামৰ গাঁওখন। জন্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ সদৰৰ পৰা ২৮ কিলোমিটাৰ নিলগত থকা এই গাঁওখনলৈ যাবলৈ প্ৰায় ১৮ কিলোমিটাৰ পথ খোজেৰে যাবলগীয়া হয়। এনে এক পিছপৰা আৰু দুৰ্গম অঞ্চলৰ গাঁওখনৰ সকলো প্ৰাপ্তবয়স্ক লোকক ক'ভিড-১৯ ৰ ভেকচিন প্ৰদান কৰি দেশৰ প্ৰথমখন গাঁৱলৈ পৰিগণিত হোৱা বান্দিপোৰাৰ হেমলেট এতিয়া চৰ্চাৰ শীৰ্ষত।

জন্মু-কাশ্মীৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা হেমলেটৰ এই সাফল্যৰ সকলো কৃতিত্ব স্বাস্থ্য সেৱা কৰ্মীসকলক দিয়া হৈছে, যাৰ কঠোৰ প্ৰচেষ্টাই ৩৬২ গৰাকী প্ৰাপ্তবয়স্ক লোক থকা হেমলেটক ৰাষ্ট্ৰীয় খ্যাতি লাভত সহায় কৰিলে।

জিলাখনৰ স্বাস্থ্য বিভাগৰ পৰা কোৱা হৈছে যে, গাঁওখনৰ লোকসকলক ভেকচিন প্ৰদান কৰাটো অতি কঠিন আছিল কিয়নো ইয়াত বহু কেইটা যাযাবৰ পৰিয়াল আছে যিসকলে তেওঁলোকৰ পশুধন চৰাবলৈ পাহাৰৰ ওখ অঞ্চললৈ গুছি যায়। আনহাতে গাওঁখনৰ লোকসকলে ভেকিচন ল'বলৈ চহৰাঞ্চলৰ লোকসকলৰ দৰে অনলাইন শ্লট বুকিং কৰিবলৈও অসমৰ্থ। কিয়নো গাঁওখনত নাই ইণ্টাৰনেট সংযোগ।

উল্লেখ্য যে, জন্মু-কাশ্মীৰত বৰ্তমানলৈকে ৭০ শতাংশ ৪৫ উৰ্ধ্বৰ ব্যক্তিক ভেকচিন প্ৰদান কৰা হৈছে। এই সংখ্যা ৰাষ্ট্ৰীয় গড়ৰ প্ৰায় দুগুণ। এই সাফল্যৰ তথ্য প্ৰদান কৰিছে জন্মু-কাশ্মীৰ চৰকাৰৰ মিডিয়া উপদেষ্টা যতীশ যাদৱে। লগতে তেওঁ কৈছে যে, কেন্দ্ৰীয় শাসিত অঞ্চলটোৱে কভিড-১৯ৰ ভেকচিন প্ৰদানৰ অভিযানত বাধা বৃদ্ধি কৰিছে।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in