ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!…

ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!…

ডিজিটেল সংবাদ ,ধেমাজিঃ যোৱা কালিলৈকে কেইবাদিনো ধৰি ধেমাজিত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢল , কুমতীয়া আৰু ৰাই নদীৰ বাঢ়নী পানীয়ে ধেমাজি ৰাজহ চক্ৰটোৰ অন্তৰ্গত ৪০ খনতকৈ গাওঁ বানৰ কবলত পৰিছে ৷ ইতিমধ্যে বৃহস্পতিবাৰে ৰাতি জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বল ই .এণ্ড. বিভাগৰ মথাউৰি ৰতুৱাত ১২০ মিটাৰ মান উঠুৱাই নিয়ে ৷

উল্লেখ্য যে ১৯৭৬ চনতেই নিৰ্মান কৰা ৰতুৱা মথাউৰিটো বিষয়ে অঞ্চলস্থ ৰাইজে বাৰম্বাৰ জল সম্পদ বিভাগক আবেদন নিবেদন জনাই আহিছে যদিও আজিকোপতি কোনো গুৰুত্ব নিদিয়াৰ ফলতেই দুৰ্ব্বল মথাউৰিটো ভাঙিবলৈ পালে বুলি ৰাইজে অভিযোগ কৰিছে ৷ উক্ত মথাউৰি ভঙাৰ ফলত ৰতুৱা গাওঁখনকে ধৰি বথাদৈ,পিঠুচাপৰি, ৰূপতলি, কাঁহিকুচি,কলিহামাৰী, পেহীয়তী , গোহাইগাওঁ ,গোহাইচাপৰি,ধোঁবাবাৰী, আৰ্দশ গাওঁ,গয়েখানাকে ধৰি পশ্চিম ধেমাজি অঞ্চলৰ ৩০ খনত কৈ অধিক গাওঁৰ ঘৰ – দোৱাৰ ,খেতিপথাৰ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

তাৎপৰ্যপূৰ্ণ যে যোৱা ১৯৭৬ চনতেই নিৰ্মান পৰা উক্ত মথাউৰিটো বিভাগটোয়ে ৪৪ বছৰ চোৱাচিতা নকৰা গাফিলতি অভাবতেই চিঙিবলৈ পোৱাটো স্পষ্ট হৈ পৰিছে ৷ শুকুবাৰে দুপৰীয়া ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা নেতৃত্বত যোৱা এটি দলে ধেমাজি জল সম্পদ বিভাগৰ কাৰ্য্যালয়ত গৈ উপস্থিত হৈ ভঙাৰ মথাউৰিটোৰ বিষয়ে জানিব বিচৰাত কাৰ্য্যালয়ত কেই গৰাকী মান তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাদে কোনো দায়িত্বশীল বিষয়া নথকাটোৱে বিভাগটোৰ ফুপোলাৰূপটো স্পষ্ট হৈ পৰিছে ৷

অৱশ্যে জল সম্পদ বিভাগটোৰ কাৰ্য্যবাহী অভিযন্তা গৰাকীয়ে কভিড পজিটিভ আক্ৰান্ত হৈ বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে যদিও বিভাগটোৰ দুগৰাকীকৈ মহকুমাৰ উপ- সংমণ্ডল অভিযন্তা ,বহুকেই গৰাকী কনিষ্ঠ অভিযন্তা থকাৰ পিছতো এজনো মথাউৰি বিধৱস্ত চোৱাচিতা নকৰাটো তাৎপৰ্য বিষয় ৷

এনে দুনীৰ্তিগ্ৰস্ত বিষয়া কৰ্মচাৰীক নাকী লগাব কোনে বিষয়টো প্ৰশ্ন উঠছে ৷ বিভাগটোৰ এনে অৱহেলা আৰু ব্যৰ্থতাৰ প্ৰতিবাদত অহা কালৈ ধেমাজি জিলা জিলা ছাত্ৰ সন্থাই ধেমাজি জল সম্পদ বিভাগৰ কা্ৰ্য্যালয় ৰ সমুখত বিক্ষোভ কাৰ্য্যসূচী অনুষ্ঠিত কৰিব বুলি জিলা ছাত্ৰ সন্থাই জানিবলৈ দিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in