গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত

গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ চকুলো জীয়াধল৷ বাৰিষা জীয়াধলৰ বলীয়া বানে জীয়াধল পঞ্চায়ত, বৰদলনিৰ পশ্চিমাঞ্চল আৰু মাছখোৱা মৌজাৰ পশ্চিম ধেমাজিত প্ৰলংকৰী বানৰ সূচনা কৰি আহিছে৷ আবৰ পাহাৰৰ জীয়াধল মুখৰ পৰা পেহীয়তীৰ চামপৰা লৈকে ৩০ কিঃমি দৈৰ্ঘ্যত নামনিত নদী খনে প্ৰতি বছৰেই তাণ্ডৱ চলাই৷ জীয়াধলৰ বলীয়া বানে নিমিষতে তচনচ কৰে একোখন গাঁও আৰু একোটাকৈ বাসগৃহ৷ ৰে'ল পথ, গড়কাপ্তানি পথ ছিঙি উতুৱাই যাতায়ত ব্যাহত কৰে ধেমাজিৰ৷ বাৰিষা তাণ্ডৱৰ সূচনা কৰা জীয়াধল সম্প্ৰতি বালিৰ মৰুলৈ ৰূপান্তৰিত হৈছে৷ জীয়াধলৰ বুকুত এতিয়া চৰাইয়ে পানী খাব পৰাকৈ এটুপী পানী নাই৷ জীয়াধলৰ বুকু তৰাং, এবুকু পৰ্যন্ত বালিৰ পাহাৰ৷ কাৰণ তেগজুৰি বৰ্মন গাঁৱত মথাউৰি ভাঙি যোৱা বাৰিষাত নদী খনে সুঁতি সলনি কৰি ৰে'ল পথৰ দাঁতিৰে চমৰাজানৰ কাষেৰে বৈ গৈছে৷ ফলত মূল জীয়াধল নদী তৰাং হৈছে।

ইয়াৰ বিপৰীতে এতিয়া এজাক বৰষুণতে পশ্চিম ধেমাজিত বান পানীৰ সৃষ্টি হয়৷ উল্লেখ্য যে, খৰস্ৰোতা জীয়াধল নিয়ন্ত্ৰণ আৰু বান প্ৰতিৰোধৰ বাবে চৰকাৰে যোৱা এটা দশকত প্ৰায় তিনিশ কোটি টকাৰে কুৰি খনতকৈও অধিক আঁচনি ৰূপায়ন কৰিলে কিন্ত এখনো আঁচনি সফল নহ'ল৷ বৰঞ্চ দিনক দিনে জীয়াধলৰ বান সমস্যা অধিক জটিল হৈ পৰিছে৷ জীয়াধলৰ বানৰ বাবেই ধেমাজিৰ প্ৰায় ৫০খনৰো অধিক গাৱঁৰ জীৱন জীৱিকা নিঃশেষ হৈছে৷ অসম জল সম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি ধেমাজিৰ মুহি বৰগোহাঁইৰ মতে জীয়াধল নিয়ন্ত্ৰণ আৰু বান প্ৰতিৰোধৰ নামত ৰাজ্য চৰকাৰ আৰু জল সম্পদ বিভাগে বিগত সময়ত কেৱল প্ৰসহন হে ৰচনা কৰি আহিছে৷

অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ ক্ষেত্ৰ ভিৰ্তিক পৰ্যবেক্ষণত সংগ দি মুহি বৰগোহাঁইয়ে ক্ষোভেৰে কয়, "জীয়াধল এতিয়া জলসম্পদ বিভাগ আৰু জনপ্ৰতিনিধিৰ লাভ লোকচানৰ সমীকৰণ একোটা৷ ২০০৬ চনৰ পৰা এতিয়ালৈকে নদীখনৰ বান সমস্যাক লৈ বিভাগীয় উচ্চ স্তৰত বহু বাৰ আলোচনা বিলোচনা হ'ল কিন্ত কামত নাহিল৷ বহুবাৰ টি এ চি অৰ্থাৎ টেকনিকেল এডভাইজৰী কমিটিৰ বৈঠক বহিল কিন্তু সফল নহ'ল ফল প্ৰসু প্ৰকল্প আঁচনি গ্ৰহণ কৰাত৷ এবাৰ যদি ৭০ কোটি টকাৰ আঁচনি, আনবাৰ আকৌ ১৫০ বা তিনিশ কোটি টকাৰ আঁচনি গ্ৰহণ কৰে টি এ চি য়ে৷ কিন্তূ মুৰকত এখনো আঁচনি কাৰ্যকৰী নহয়।

মুহি বৰগোহাঁইৰ মতে, জীয়াধলৰ বান সমস্যাক লৈ চিন্তিত নহয় ধেমাজিৰ জন প্ৰতিনিধি৷ সাংসদ প্ৰদান বৰুৱাই হওক বা বিধায়ক ৰণোজ পেগু কোনোৱে স্হায়ী সমাধান নিবিচাৰে জীয়াধলৰ বান সমস্যাৰ৷ কেৱল ভোটৰ অংকত হস্ৰ ম্যাদি আঁচনি গ্ৰহণ কৰি সমস্যাক সমস্যা হিচাবে জীয়াই ৰাখিছে৷ শেহতিয়াকৈ টেকনিকেল এডভাইজৰি কমিটিৰ জৰিয়তে জীয়াধল বান প্ৰতিৰোধ সমিতিয়ে জীয়াধল বান প্ৰতিৰোধৰ বাবে ৬৩০ কোটি টকাৰ প্ৰকল্প আঁচনিৰ প্ৰস্তাৱ উত্তৰ পূব পৰিষদলৈ প্ৰেৰণ কৰিছে৷ যি আঁচনি প্ৰবাসী অসমীয়া নদী বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে৷

পৰিতাপৰ বিষয় যে, এইখন আঁচনি এন ই চিত দাখিল হোৱাৰ পাছতো লক্ষণীয় ভাৱে ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে টি এ চিলৈ ৮০ কোটি টকাৰ আন এখন আঁচনি প্ৰেৰণ কৰিছে৷ টেকনিকেল এডভাইজৰি কমিটিয়ে এতিয়া কোন খন আঁচনি গ্ৰহণ কৰিব তাক লৈ চিন্তিত৷ স্মৰ্তব্য যে, বছৰি জীয়াধলৰ বান প্ৰতিৰোধৰ নামত এচ ডি আৰ এফ, চি আৰ এফ, এম এন আৰ আৰু এফ ডি আৰ শিতানত বছৰি ধেমাজিৰ জল সম্পদ বিভাগে বুজন পৰিমানৰ ধন লাভ কৰে জীয়াধলৰ বান নিয়ন্ত্ৰণৰ বাবে৷ ইয়াৰ বিপৰীতে যি সমূহ আঁচনি লয় তাৰ কাৰ্য কাৰিতা মুঠেও পৰিলক্ষিত নহয়৷ যাৰ বাবে যোৱা বছৰ মুৰ্কংচেলেক সংযোগী ৰে'ল পথ উতুৱাই নি জীয়াধলে ৰে'ল চলাচল ব্যাহত কৰিছিল।

জল সম্পদ বিভাগৰ হেতালি আৰু জন প্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱে জীয়াধল পৰীয়া ৰাইজক চিন্তিত কৰিছে৷ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ চৰজমিন অনুসন্ধানত দেখিবলৈ পোৱা গ'ল ইখনৰ পিছত সিখনকৈ গাৱঁত আঘোনৰ সোণোৱালী ধাননিৰ সলনি চন পৰা পথাৰ৷ সোণ গুটি চপোৱাৰ বতৰত টেগজুৰি বৰ্মণ গাঁও, দিহিৰি মিছিং গাঁও, সোণোৱাল গাঁও, পশ্চিম ধেমাজিৰ লাওমুৰি আদি গাঁৱত কৃষকৰ হুমুনিয়াহৰ কাৰণ জীয়াধল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in