জীয়াঢলত অঘটনঃ বাঁহৰ মেলেঙৰ পৰা পানীত ডুবিল মাছমৰীয়া, সন্ধানহীন ৩ জন..

জীয়াঢলত অঘটনঃ বাঁহৰ মেলেঙৰ পৰা পানীত ডুবিল মাছমৰীয়া, সন্ধানহীন ৩ জন..

ডিজিটেল সংবাদ ধেমাজিঃ সোমবাৰে জীয়াঢল নদীত বাহঁৰ মেলেঙৰ পৰা পৰি তিনিজন মাছমৰীয়া বৰ্তমানলৈকে সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণ মতে অসম আৰু অৰুণাচলৰ সীমান্তবৰ্তী আদিকলীয়া গাঁৱৰ ৮ জন মাছমৰীয়াই জীয়াঢল মুখৰ পৰা ১০ কিলোমিটাৰ নিলগৰ অৰুণাচলৰ তিনিসূতিৰ কিছু ভিতৰলৈ গৈছিল ৷

মাছমৰীয়াকেইজনে সোমবাৰে দুপৰীয়া ১২ মান বজাত ঘূৰি আহি থাকোতে হঠাতে হোৱা জীয়াঢল নদীৰ কোবাল সূতৰ বাঢ়নী পানীয়ে বটাদোৱাৰ নামৰ ঠাইখিনিতে তেওঁলোকে বাঁহৰ মেলেং কেইখন ডুবাই পেলায়৷ ফলত তিনিজনে সাতুৰি উত্তৰ দিশে পাহাৰৰ গছত ধৰি কোনো মতে প্ৰান ৰক্ষা কৰাৰ লগতে আন দুজন ৰাজু মেদক আৰু মন্টু মিলিয়ে জীয়াঢল নদীৰ মাজত অৰুণাচলে নতুনকৈ নিৰ্মান কৰা দলঙৰ এটা খুটাত উঠি প্ৰান ৰক্ষা কৰে যদিওঁ প্ৰদীপ নৰহ(৪৫) যগুমিলি(২৫) চৈলেৰাম পায়েঙক(৫০) জীয়াঢলৰ ধলে উটুৱাই লৈ যোৱা পিছৰে পৰা বৰ্তমানেও সন্ধানহীন হৈ আছে৷

বিয়লি ঘটনাস্থলীত উপস্থিত হৈ এচ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে তিনিও জন লোকৰ সন্ধান চলাই যদিওঁ ঢৌৱে উটুৱাই লৈ যোৱাত সন্ধিয়া পৰ্যন্ত উদ্ধাৰকাৰী বাহিনী দুটাই কোনো সন্ধান উলিয়াব নোৱাৰিলে ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ এটি আৰক্ষী দলেও ঘটনাস্থলীলৈ গৈ সন্ধানহীন লোককেইজনৰ সন্ধান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in