দেওবাৰে জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্যক প্ৰদান কৰা হয় অসম জাতীয় বিদ্যালয় সন্মান

দেওবাৰে জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্যক প্ৰদান কৰা হয় অসম জাতীয় বিদ্যালয় সন্মান

ডিজিটেল সংবাদ, গুৱাহাটীঃ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত দেওবাৰে অসম জাতীয় বিদ্যালয় সন্মান প্ৰদান কৰা হয়। বিয়লি ৫ বজাত বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক স্বাৰ্গীয় ভৱেন কুমাৰ বৰা, বিদ্যালয়ৰ প্ৰতিষ্ঠাতা শৈক্ষিক সঞ্চালক কৃষ্ণ কুমাৰ বৰা, প্ৰতিষ্ঠাপক শিক্ষক ত্ৰিদীপ ভট্টাচাৰ্য, বিদ্যালয়ৰ কৰ্মচাৰী খুদিৰাম চাংমা আৰু চিত্ৰশিল্পী প্ৰয়াত বেণু মিশ্ৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।

শ্ৰদ্ধাঞ্জলীৰ পিছতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে বন্তিপ্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত অসম তথা বলিউদৰ দুগৰাকী বিশিষ্ট সংগীত পৰিচালক জিতু তপন নামেৰে খ্যাত জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্যক অসম জাতীয় বিদ্যালয় সন্মান প্ৰদান কৰা হয়।

এই সন্মানত আছে সম্বৰ্ধনা পত্ৰ, এড়ি চাদৰ, স্মাৰক, বিদ্যালয়ৰ প্ৰতীকৰ সম্বলিত এখনি গামোছা, কিতাপৰ টোপোলা আৰু পঁশিচ হাজাৰ টকা। সন্মান গ্ৰহণ কৰি বিশিষ্ট সংগীত পৰিচালক দুগৰাকীয়ে অসম জাতীয় বিদ্যালয়ে সমাজত গ্ৰহণ কৰি থকা বিৰল ভূমিকাৰ কথা উল্লেখ কৰি এই অনুষ্ঠানটোৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

উল্লেখ্য যে, এই অনুষ্ঠানতে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ সচিব নাৰায়ণ শৰ্মাই অসম জাতীয় বিদ্যালয় সন্মান প্ৰসংগত কয়, যিসকল ব্যক্তিয়ে নীৰৱ সাধনাৰে প্ৰচাৰ বিমুখ হৈ জাতীটোৰ বিকাশ আৰু সংবৰ্দ্ধনৰ বাবে কাম কৰি আহিছে, সেইসকল ব্যক্তিক বিগত পাঁচ বছৰ ধৰি এই সন্মান প্ৰদান কৰি অহা হৈছে।

অনুষ্ঠানত বিদ্যালয়ৰ অভিভাৱক প্ৰাঞ্জল হাজৰিকাই গীত পৰিৱেশন কৰে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নৃত্য-গীত মুকাভিনয়, নাট্যানুষ্ঠান আদি বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ পৰিৱেশনেৰে বিশেষ অনুষ্ঠানটিত উপস্থিত সকলোকে আপ্লুত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in