ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি…

ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি…

ডিজিটেল সংবাদ ঢকুৱাখনা:  গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সাংবাদিক আৰু সাংবাদিকতাৰ পবিত্ৰ গৰিমাত কালিমা সানি ঢকুৱাখনাৰ এজন সাংবাদিকে প্ৰদান কৰা প্ৰাণনাশৰ ভাবুকিৰ গোচৰৰ অৱশেষত স্থায়ী নিষ্পত্তি ঘটিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি দীপাংকৰ হাজৰিকাৰ মহানুভৱতা আৰু উন্নাসিক সাংবাদিক জিতু দত্তৰ অনুসূচনামূলক স্বীকাৰুক্তিৰ পৰিপ্ৰেক্ষিতত গোচৰিয়া হাজৰিকা আৰু পদকীয়া দত্তৰ মাজত আপোচ মীমাংসাৰ ভিত্তিত ঘিলামৰা থানাৰ মজিয়াত বৃহস্পতিবাৰে নিশা গোচৰৰ স্থায়ী নিষ্পত্তি হয়।

যোৱা ২২ ছেপ্টেম্বৰত এইজন  জিতু দত্তই ফোন যোগে নিজকে সাংবাদিক আৰু লখিমপুৰৰ বহুকেইটা সংগঠনৰ নেতা বুলি আত্মজাহিৰ কৰি কিছুদিন পূৰ্বৰ এটা চাউল চুৰি গোচৰৰ বিষয়টো টানি আনি ছাত্ৰ নেতাজনৰ উপৰিও লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া  আৰু দুগৰাকী নমস্য শিক্ষাগুৰুক উদ্দেশ্যি সন্মান হানিকৰ মন্তব্য প্ৰকাশ কৰি ছাত্ৰ নেতা হাজৰিকাক প্ৰাণনাশৰ ভাবুকি দিছিল। এই সন্দৰ্ভত ছাত্ৰ নেতা হাজৰিকাই ঘিলামৰা থানাত দাখিল কৰিছিল এজাহাৰ।

অপঞ্জীভূত  গোচৰৰ ভিত্তিত পদকীয়া দত্তক ঘিলামৰা আৰক্ষীয়ে বৃহস্পতিবাৰে থানালৈ তলব কৰিছিল। আৰক্ষীৰ খবৰৰ ভিত্তিত  নিশ্চিত বিপদৰ উমান পাই এজাহাৰকাৰীক গোচৰ উঠাই লোৱাৰ বাবে পুৱাৰ পৰাই খাটনি ধৰে দত্তই। নিজৰ কুকৰ্মৰ বাবে অনুতপ্ত জিতু দত্তৰ খাটনিলৈ সহমৰ্মিতা প্ৰদৰ্শন কৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত উভয় পক্ষৰ মাজত আপোচ মীমাংসা সম্পন্ন হয়।

ঘিলামৰা থানা প্ৰাংগণত অভিযুক্ত দত্তই নিজকে "শাৰীৰিক আৰু মানসিক ভাৱে অসুস্থ" বুলি লিখিত স্বীকাৰুক্তি প্ৰদান কৰি  নিজৰ ভুল স্বীকাৰ কৰে আৰু এনে কাৰ্যৰ বাবে ক্ষমা বিচাৰে। ভৱিষ্যতে এই ধৰণৰ কাৰ্যৰ পৰা বিৰত থকাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পৰিপ্ৰেক্ষিতত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, যুৱ ছাত্ৰ পৰিষদৰ জিলা আৰু আঞ্চলিক নেতৃবৰ্গ ,বহুকেইজন সাক্ষী আৰু দত্তৰ পিতৃৰ উপস্থিতিত বিষয়টো পাৰস্পৰিক বুজাবুজিৰে নিষ্পত্তি কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in