বিশিষ্ট চিকিৎসক-লেখক ডাঃ জিতেন বৰকাকতিৰ ‘Secondary Education In Assam’ গ্ৰন্থ উন্মোচন…

বিশিষ্ট চিকিৎসক-লেখক ডাঃ জিতেন বৰকাকতিৰ ‘Secondary Education In Assam’ গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, তেজপুৰঃ বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ জিতেন বৰকাকতিৰ এখন নতুন গ্ৰন্থ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম (Secondary Education In Assam) সোমবাৰে উন্মোচন কৰা হয়। তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকে কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনীয়েৰিং তেজপুৰ বিশ্ববিদ্যালৰ অধ্যাপক ড০ উৎপল শৰ্মা।

গ্ৰন্থ উন্মোচনী সভাত লগতে উপস্থিত থাকে বি জে হস্পতালৰ বিশিষ্ট চিকিৎসক ডাঃ কাৰ্তিকচন্দ্ৰ বৰকটকী¸ঢেকিয়াজুলিৰ লোকপ্ৰিয় অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত বৰুৱা, ¸নগাওঁ বাণিজ্য মহাবিদ্যালয়লৰ অধ্যক্ষ শিৱ ৰঞ্জন মহন্ত ,বিশিষ্ট সাহিত্যিক,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণকান্ত বৰুৱা,,দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱজ্যোতি দাস,লেখিকা বন্দনা দত্ত হাজৰিকা, শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি তথা বিশিষ্ট উদ্যোগপতি উদয় আদিত্য গোস্বামী, ডা: হৰেণ শৰ্মা,ডা: ৰাণা মুকুট নেওগ,ডা: অঞ্জু মনি চেতিয়া ,সাংবাদিক ভুৱন শইকীয়া আদিকে ধৰি যথেষ্ট সংখ্যক গণ্য মান্য ব্যক্তি।

ইংৰাজীত লিখা ডা: জিতেন বৰকাকতিৰ কিতাপখনৰ নাম-SECONDARY EDUCATION IN ASSAM. কিতাপখনৰ মূল্য নিৰ্ধাৰণ কৰা নাই।ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে উপযোগী কিতাপখন বিনামূলীয়াকৈ বিতৰণ কৰিব লিখকে। উল্লেখ্য যে গহপুৰৰ দক্ষিণ কলাবাৰীৰ সন্তান ডা:জিতেন বৰকাকতি নিজে এগৰাকী অতি মেধাৱী ছাত্ৰ আছিল। তেওঁ ১৯৭৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৭ স্থান আৰু ১৯৭৬ প্ৰাক বিশ্ববিদ্যালয়(PU) পৰীক্ষাত সপ্তম স্থান দখল কৰিছিল । তেখেতৰ ইতিমধ্যে ৬ খন গ্ৰন্থ প্ৰকাশ পাইছে । সুদুৰ লণ্ডনত ইএনটিৰ ওপৰত বিশেষ প্ৰশিক্ষণ লোৱা বৰকাকতিয়ে শোণিতপুৰ জিলাত এখন গ্ৰাম্য বিশ্ববিদ্যালয়ৰ প্ৰস্তুতি চলাই আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in