নীপকোৰ বিৰুদ্ধে জীপাল কৃষক-শ্ৰমিক সংঘৰ প্ৰতিবাদ

নীপকোৰ বিৰুদ্ধে জীপাল কৃষক-শ্ৰমিক সংঘৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গোলাঘাটঃ  নীপকোৰ বিৰুদ্ধে আজি জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিবাদত উত্তাল হৈ পৰে গোলাঘাট চহৰ। সংগঠনটোৰ শতাধিক কৰ্মীয়ে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

বৃহৎ নদীবান্ধ বন্ধ কৰা, SDRF আৰু NDRF নীতি অনুসৰি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা, ৩ মাহলৈ বিজুলী মাচুল ৰেহাই দিয়া আৰু বেংকৰ ঋণ ৰেহাইৰ দাবীৰে শ্লগান দি সংগঠনটোৱে কঁপাই তোলে চহৰখনৰ আকাশ-বতাহ।

প্ৰতিবাদৰ শেষত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে। এই প্ৰতিবাদী কাযৰ্সূচীৰ নেতৃত্ব দিয়ে সংগঠনটোৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহ, সভাপতিদ্বয় জোতিৰূপা বৰবৰা আৰু সম্পাদকদ্বয় পুতুল দত্ত আৰু প্ৰণৱ দলেই।

উল্লেখ্য যে নীপকোৱে কোনোধৰণৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ নাগালেণ্ডত থকা দৈয়া নৈৰ বান্ধ এৰি দিয়াৰ ফলতে ভয়াৱহ বানৰ কবলত পৰিবলগীয়া হৈছিল গোলাঘাট জিলাখনৰ এটা বৃহত্তৰ অঞ্চল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in