কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..

কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..

ডিজিটেল সংবাদ বোকাখাত ভাৰতীৰ সংবিধান দিৱসৰ দিনাই কৃষক বিৰোধী কৃষি আইন সংসদত প্রত্যাহাৰ কৰা আৰু শ্রমিক বিৰোধী শ্রম সংহিতা বাতিলৰ দাবীত ট্রেড ইউনিয়ন সমূহৰ যৌথ মঞ্চ আৰু সংযুক্ত কিষান মৰ্চা, অসমৰ আহ্বানত দেশজোৰা প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে বোকাখাততো জীপাল কৃষক-শ্রমিক সংঘই পালন কৰে অৱস্থান ধর্মঘট। লগতে অৱস্থান ধৰ্মঘট স্থলীতে অৰ্থাৎ কৃষি মন্ত্ৰীৰ গৃহ সমষ্টি বোকাখাততে কৃষক নিধিৰ কেলেংকাৰীত অভিযুক্ত কৃষিমন্ত্ৰী অতুল বৰাক অপসাৰণ কৰা, মাইক্রফাইনাঞ্চ আৰু কৃষিঋণ মাফ কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে সংগঠনটোয়ে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২৬ জানুৱাৰীত দিল্লীৰ ঐতিহাসিক ট্ৰেক্টৰ ৰেলীত জীপাল কৃষক-শ্রমিক সংঘই প্ৰতক্ষ্যভাৱে অংশ লোৱাৰ উপৰিও ৬ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈকে সংগঠণটোৰ এটা ৮ জনীয়া সঁজাতি দলে দিল্লীৰ কৃষক আন্দোলনত বাটৰ নাট আৰু অন্যান্য গণ সাংস্কৃতিক কাৰ্যসূচীৰে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in