নিৰীহ হত্যাত হাত উজান দিয়া আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াক গ্ৰেপ্তাৰৰ দাবী জীপালৰ

নিৰীহ হত্যাত হাত উজান দিয়া আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াক গ্ৰেপ্তাৰৰ দাবী জীপালৰ

ডিজিটেল সংবাদ, বোকাখাতঃ 'সাধাৰণ জনতাক ভয় খুৱাই চাপত ৰখাৰ স্বাৰ্থতেই কালি অতি নৃশংসভাৱে চৰকাৰী নিৰ্দেশত মানসিক ভাৰসাম্য হেৰুওৱা এগৰাকী লোকক গোলাঘাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ড এটা বিক্ষিপ্ত ঘটনা কেতিয়াও হ'ব নোৱাৰে। এয়া চৰকাৰী নিৰ্দেশত চলা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। এগৰাকী সাধাৰণ লোকক ৰক্ষণাবেক্ষণ দিব নোৱাৰা বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰখনৰ শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই।'-আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত জীপাল কৃষক-শ্ৰমিক সংঘই এইদৰে কয়।

সংগঠনটোৰ উপদেষ্টাদ্বয় সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলে স্বাক্ষৰিত বিবৃতিটোত স্পষ্ট ভাৱে উল্লেখ কৰা মতে, চলিত বৰ্ষৰ মে' মাহৰ ৫ তাৰিখৰ পৰা জুন মাহৰ ৫ তাৰিখ পৰ্যন্ত মাত্ৰ এটা মাহৰ ভিতৰত গোলাঘাট জিলাৰ বোকাখাতত তিনিগৰাকীকৈ মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। আশ্চৰ্যজনকভাৱে প্ৰথম ঘটনাটো স্বয়ং বোকাখাতৰ এছ ডি পি অ' বিতুল চেতিয়াৰ বাসগৃহত আৰক্ষী জোৱানৰ দ্বাৰা এগৰাকী বনকৰা মহিলাক ধৰ্ষণ আৰু হত্যা কৰাৰ পাছতো ঘটনাটো গোপন কৰা এছ ডি পি অ' বিতুল চেতিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।

মানসিক ভাৱে অস্থিৰ জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ এগৰাকী লোকক বিশাল আৰক্ষী বাহিনীয়ে আটক কৰাৰ বিপৰীতে গুলীয়াই হত্যা কৰিলে। এইবোৰ একো একোটা দুৰ্ঘটনা বুলি বিক্ষিপ্তভাৱে চালে ভুল কৰা হ'ব। চৰকাৰী নিৰ্দেশত খাটিখোৱা জনতাৰ ওপৰত চলা এইবোৰ একো একোটা পৰিকল্পিত ষড়যন্ত্ৰ। অসম আৰক্ষী এই পৰ্যায় পাইছেগৈ যে মানুহ হত্যা কৰাটো তেওঁলোকৰ বাবে এটা সাধাৰণ ঘটনা হৈ পৰিছে। এই হত্যাকাণ্ডৰ বিচাৰ হ'বই লাগিব। জীপালে লগতে দাবী কৰা মতে, যি গৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, তেওঁক আৰু গুলীবৰ্ষণ কৰাজনক প্ৰথমে গ্ৰেপ্তাৰ কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ দ্বাৰা তদন্ত কৰাৰ সৰ্বানন্দ সোণোৱাল বাহিনীয়ে ব্যৱস্থা কৰক।

সততে যিকোনো কথাতে চিঞৰ-বাখৰ কৰি ৰাইজৰ ক্ষোভ নাইকিয়া কৰিবলৈ যত্ন কৰা বিধায়ক মৃণাল শইকীয়াক এই মুহূৰ্তত ৰাইজৰ পক্ষত থিয় দি মুখ্যমন্ত্ৰী সোণোৱালক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ দ্বাৰা সমস্ত ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবৰ বাবেও আহ্বান জনায় সংগঠনটোৱে।

সংগঠনটোৱে স্পষ্টকৈ উল্লেখ কৰে যে চুপাৰি চিণ্ডিকেটত জড়িত থকাৰ অভিযোগত অভিযুক্ত গোলাঘাট আৰক্ষীৰ বৰ্বৰতাৰ স্বাক্ষৰ হিচাপে আৰক্ষীৰ গুলীত মৃত্যু হোৱা জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালৰ লোকক ২০ লাখ টকাৰ এককালীন সাহায্য, কণমানি পুত্ৰৰ অন্ততঃ স্নাতক পৰ্যায়লৈকে উন্নত মানৰ বিদ্যালয়ত অধ্যয়নৰ দায়িত্ব, পৰিবাৰক এটা স্থায়ী চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰক। এইক্ষেত্ৰত মিত্ৰজোঁটত থাকি মন্ত্ৰিত্বৰ গাদীত থকা গোলাঘাট জিলাৰ মন্ত্ৰী অতুল বৰায়েও মুখ্যমন্ত্ৰীক হেঁচা দিয়ক। অন্যথা ৰাইজৰ সহযোগত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলিও সংগঠনটোৱে সকীয়াই দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in