জিঅ’ গ্ৰাহকলৈ দুঃখবৰঃ ফোন কৰিবলৈ প্ৰতি মিনিটত ভৰিব লাগিব ৬ পইচা!

জিঅ’ গ্ৰাহকলৈ দুঃখবৰঃ ফোন কৰিবলৈ প্ৰতি মিনিটত ভৰিব লাগিব ৬ পইচা!

ডিজিটেল ডেস্কঃ ৰিলায়েন্সৰ জিঅ'ৰ ছীম ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে দুঃখবৰ। ৰিলায়েন্সে ঘোষণা কৰিছে যে, এই কোম্পানীটোৰ গ্ৰাহকসকলে ফোন কৰিবলৈ ভৰিব লাগিব ধন। ৰাষ্ট্ৰীয় সংবাদমাধ্যম অনুসৰি, জিঅ'ৰ গ্ৰাহকে অন্য কোম্পানীৰ নেটৱৰ্কত ফোন কৰিবলৈ প্ৰতি মিনিটত ভৰিব লাগিব ৬ পইচাকৈ। অৱশ্যে জিঅ'ৰ পৰা জিঅ' নম্বৰলৈ গ্ৰাহকে ফোন কৰিবলৈ কোনো অতিৰিক্ত ধন ভৰিব নালাগে।

জিঅ'ই সদৰী কৰিছে যে, কোম্পানীটোৰ ছীমব্যৱহাৰ কৰা ৩৫ কোটি গ্ৰাহকে এই ধন বহু দিনলৈ ভৰিব নালাগে। আউটগয়িং অফ-নেট ম'বাইলকল প্ৰতি মিনিটত ৬ পইচাকৈ তেতিয়ালৈকে লোৱা হ'ব যেতিয়ালৈকে টেলিকমৰেগুলেট'ৰী অথৰিটী অৱ ইণ্ডিয়াই (TRAI) আই ইউ চি অৰ্থাৎ ইণ্টাৰকানেকশ্যন ইউজেছ ছাৰ্জেছ আঁতৰাইনিদিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in