শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

কেনেকৈ বুকিং কৰিব জিঅ’ ফোন-২? পঢ়ক সবিশেষ…

683

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰ অৰ্থাৎ আজি দুপৰীয়া ১২ বজাৰ পৰা বিক্ৰীৰ বাবে আকৌ মুকলি কৰা হৈছে জিঅ’ ফোন-২ । অতি সহজ প্ৰক্ৰিয়াযোগে আপুনি বুকিং কৰিব পাৰিব এই জিঅ’ ফোনটো।

জিঅ’ই নিজৰ টুইটাৰ একাউন্টত জানিবলৈ দিয়া মতে, ‘পেটিএম’ৰ যোগেদি ফোনটো ক্ৰয় কৰিলে ২০০ টকা ৰেহাই দিয়া হ’ব গ্ৰাহকক। চলিত বৰ্ষৰে জুলাই মাহত বজাৰলৈ অহা জিঅ’ ফোনটো ২৯৯৯ টকাৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব গ্ৰাহকে। কেইবাটাও অত্যাধুনিক সুবিধা উপলদ্ধ ফোনটো কেনেকৈ বুকিং কৰিব, তাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে-

  • প্ৰথমে জিঅ’ৰ অফিচিয়েল ৱেবচাইটত যাওঁক।
  • স্ক্ৰীণৰ কাষত থকা ‘ফ্লেছ ছেল’ বুটামটো ক্লিক কৰক।
  • তাৰ পিছতে ‘বায় নাউ’ বুটাম ক্লিক কৰক।
  • বুকিঙৰ বাবে নাম, মোবাইল নম্বৰ, পৰিচয়, পিন ক’ড আৰু ই-মেইল আই ডি প্ৰবিষ্ট কৰক।
  • তাৰপিছতে ২৯৯৯ টকা কেনেকৈ দিব তাক জনাওক।
  • তাৰপিছতে আপোনাৰ ই-মেইল বা ৰেজিষ্টাৰ নম্বৰত প্ৰক্ৰিয়াটো সম্পন্ন হোৱা বাৰ্তা প্ৰেৰণ কৰিব জিঅ’ই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি