আজিয়ে ডাউনলোড কৰক, জিঅ’ৰ নতুন সংযোজন…

আজিয়ে ডাউনলোড কৰক, জিঅ’ৰ নতুন সংযোজন…

ডিজিটেল ডেস্কঃ জিঅ' ব্যৱহাৰকাৰী সকলৰ বাবে এক নতুন সুখবৰ কঢ়িয়াই আনিছে ৰিলায়েঞ্চ কৰ্তৃপক্ষই। বৃহস্পতিবাৰে ৰিলায়েঞ্চে মুকলি কৰিলে জিঅ' নিউজ এপ। গুগল প্লে ষ্টোৰ আৰু এপ্পল এপ'ত উপলব্ধ এই নিউজ এপটোৰ জৰিয়তে এতিয়া গ্ৰাহকে লাভ কৰিব দেশ বিদেশৰ তাৎক্ষণিক খবৰ।

ৰিলায়েঞ্চ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, লোকসভা নিৰ্বাচন-২০১৯ৰ খবৰৰ লগতে আইপিএল, বিশ্বকাপ ক্ৰিকেটৰ লগতে দেশ-বিদেশৰ সকলো খবৰ অতি দ্ৰুততাৰে লাভ কৰিব পৰা যাব এই এপৰ জৰিয়তে। তদুপৰি এই নতুন এপটোত ব্ৰেকিং নিউজ, আলোচনী, বাতৰিকাকত, ফেশ্বন, ক্ৰীড়াজগত, স্বাস্থ্য, জ্যোতিষ শাস্ত্ৰ, মনোৰঞ্জন জগতৰ খবৰো লাভ কৰিব গ্ৰাহকে।

১২টাৰো অধিক ভাৰতীয় ভাষা সংযোজিত এই এপটোত গ্ৰাহকে চাব পাৰিব ১৫০ৰো অধিক নিউজ চেনেল। ৮০০ আলোচনী, দেশ-বিদেশৰ জনপ্ৰিয় ব্লগ আৰু নিউজ ৱেবছাইটৰ সুবিধা গ্ৰাহকে লাভ কৰিব বুলিও জানিবলৈ দিয়ে ৰিলায়েঞ্চে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in