শেহতীয়া খবৰ
একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ...  •  নিমিষতে ছাই হৈ গ'ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ  •  ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত

জিঅ’-২ ম’বাইলত কি কি থাকিব?

1,456

ডিজিটেল ডেস্কঃ জিঅ’ ফোনৰ অভূতৰ্পূব বিক্ৰীৰ পাছত এইবাৰ ৰিলায়েন্সে মুকলি কৰিব জিঅ’ ফোন-২। স্বাধীনতা দিৱসৰ দিনা বজাৰলৈ আহিব জিঅ’ৰ এই নতুন ফোনটো।

এই ফোনটোৰ মূল্য হ’ব ২৯৯৯ টকা। এই নতুন ফোনটোত থাকিব ২.৪ ইঞ্চি ডিসপ্লে আৰু ইয়াৰ স্ক্ৰীন ৰেজুলেশ্যন হ’ব ২৪০x৩২০ পিস্কেল। ৫১২ ৰেম আৰু ৪ জিবি ইণ্টাৰনেল ষ্টৰেজ গ্ৰাহকে  এছ ডি কাৰ্ডৰ জৰিয়তে গ্ৰাহকে ১২৮ জিবিলৈ বৃদ্ধি কৰিব পাৰিব।

২ মেগাপিক্সেলৰ ৰীয়েৰ কেমেৰা আৰু ০.৩ মেগাপিস্কেলৰ ফ্ৰণ্ট কেমেৰাও থাকিব এই ফোনটোত। ফেচবুক, হোৱাটছএপ আদি এপছ ব্যৱহাৰ কৰিব পাৰিব গ্ৰাহকসকলে।

ফোনটো ব্যৱহাৰৰ বাবে জিঅ’  নেটৰ্ৱকৰ সৈতে সংযোগ হ’ব লাগিব। অনলাইনযোগেও বুকিং কৰিব পাৰিব জিঅ’ৰ এই ফোনটো। ফোনটোৰ অনলাইন বুকিঙৰ বাবে প্ৰথমে ৰিলায়েন্স জিঅ’ ৱেবছাইটত গৈ ‘Get Now’ বুটামত ক্লিক কৰিব লাগিব।

ইয়াৰ পাছতে আপোনাৰ সংযোগ নম্বৰ আৰু পৰিচয় অন্তৰ্ভুক্তি কৰি ফোনটোৰ মূল্য ডেবিট/ক্ৰেডিট বা নেট বেংকিঙৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি