জিঅ’ৰ নতুন অফাৰ! ১০০ টকাতে পাব ৪২ জিবি ৪জি ডাটা

জিঅ’ৰ নতুন অফাৰ! ১০০ টকাতে পাব ৪২ জিবি ৪জি ডাটা

ডিজিটেল ডেস্কঃ পুনৰ অফাৰ ঘোষণা কৰিছে ৰিলায়েন্স জিঅ'ই। দুবছৰ পূৰ্তি উপলক্ষে গ্ৰাহকসকলক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মুকেশ আম্বানিৰ সংস্থাটোৱে আগবঢ়াইছে ১০০ টকীয়া উপহাৰ।

এই নতুন অফাৰ অনুযায়ী মাত্ৰ ১০০ টকাতে জিঅ'ৰ গ্ৰাহকসকলে ৪২জিবি ৪জি ডাটা লাভ কৰিব। ডাটাৰ লগতে ইয়াৰ সৈতে থাকিব ফ্ৰি কল আৰু এছ এম এছৰ সুবিধা। এই সুবিধা প্ৰাইম গ্ৰাহকসকলে ১২ ছেপ্তেম্বৰৰ পৰা ২১ ছেপ্তেম্বৰৰ ভিতৰত মাই জিঅ' এপৰ পৰা লাভ কৰিব পাৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে জিঅ' চেলিব্ৰেশ্যন পেকত ৪ দিনৰ বাবে মুঠ ৮জিবি বিনামূলীয়া ডাটা উপহাৰ দিছিল গ্ৰাহকসকলক। আনহাতে আজিৰে পৰা আৰম্ভ হোৱা এই অফাৰৰ লগতে ফ্লিপকাৰ্টৰ সামগ্ৰী ক্ৰয় কৰিলেও বিশেষ উপহাৰ লাভ কৰিব জিঅ'ৰ গ্ৰাহকে।

প্ৰতিষ্ঠানটোৰ ৱেবছাইটত প্ৰকাশ কৰা অনুযায়ী মাই জিঅ' এপৰ পৰা ৩৯৯ টকাৰ ৰিচাৰ্জ কৰিলে লাভ কৰিব ৫০ টকাৰ কেচবেক। এনেকৈয়ে এটাৰ পিছত এটাকৈ অফাৰৰে দ্বিতীয় বৰ্ষপূৰ্তি উদযাপনৰে গ্ৰাহকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিষ্ঠানটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in