শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’…

1,684

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মুকেশ আম্বানীৰ টেলিকম প্ৰতিষ্ঠান ৰিয়ালেন্স জিঅ’ই ২০১৯ৰ মে’ মাহত এয়াৰটেলক চেৰ পেলাই বৰ্তমান দেশৰ টেলিকম কোম্পানীৰ তালিকাৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটী চমুকৈ টি আৰ এ আই অনুসৰি, মে’ মাহত জিঅ’ৰ গ্ৰাহকৰ সংখ্যা ৩২.২৯ কোটিলৈ বৃদ্ধি পায়। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জিঅ’ উপলব্ধ হৈছিল। কম মূল্য আৰু ভাল ইণ্টাৰনেট সুবিধা উপলব্ধ কৰোৱাৰ বাবে গ্ৰাহকক অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি টি আৰ এ আইয়ে জনায়।

টেলিকম কোম্পানীৰ তালিকাৰ দ্বিতীয় স্থানত অধীস্থিত হোৱাটো জিঅ’ৰ বাবে এক ডাঙৰ সফলতা। কিয়নো এই স্থানত পূৰ্ব আছিল এয়াৰটেল। ১৯৯৫চনতে উপলব্ধ হোৱা টেলিকম কোম্পানী এয়াৰটেল। অৰ্থাৎ প্ৰায় ২৪ বছৰ পুৰণি টেলিকম কোম্পানীটোক চেৰ পেলোৱাটো এক বৃহৎ সফলতা জিঅ’ৰ বাবে।

উল্লেখ্য যে, ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটী অনুসৰি, ভোডাফোন আইডীয়াৰ আছে ৩৯.৭৫ কোটি গ্ৰাহক। আৰু টেলিকম কোম্পানীৰ তালিকাত ই প্ৰথম স্থানত আছে। তাৰপাছত দ্বিতীয় স্থানত জিঅ’। আৰু ৩২.০৩ কোটি গ্ৰাহকৰ সৈতে জিঅ’ৰ পাছত আছে এয়াৰটেল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি