নিষিদ্ধ বেহাৰ বিস্ফোৰক অধ্যায় মুকলিঃ চোৰাং কাৰবাৰীৰ ছদ্মবেশত জেহাদৰ শিপা গজাবলৈ বাহৰ পতা শহুৰ-জোঁৱাইক অৱশেষত আটক…

নিষিদ্ধ বেহাৰ বিস্ফোৰক অধ্যায় মুকলিঃ চোৰাং কাৰবাৰীৰ ছদ্মবেশত জেহাদৰ শিপা গজাবলৈ বাহৰ পতা শহুৰ-জোঁৱাইক অৱশেষত আটক…

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল নিষিদ্ধ সামগ্ৰীৰ চোৰাং বেহাৰ সৈতে আৰক্ষীৰে মিতিৰালী কৰি গোপনে জেহাদৰ শিপা বিস্তাৰ কৰা শহুৰ-জোৱাই জাভেদ আৰু মুস্তাক। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ দুখন বিশেষ প্ৰতিবেদনত সবিস্তাৰে এই তথ্য প্ৰকাশ পাইছিল। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ উদ্ধৃতিৰে  কিদৰে আন্তজাৰ্তিক স্তৰত কুখ্যাত জেএমবি তথা নিয়'জেএমবিৰ দৰে জেহাদী সংগঠনক নিষিদ্ধ কৰাৰ পাছত দিল্লীত মুখ্য কাৰ্যালয় থকা এটা প্ৰখ্যাত গণ সংগঠন আৰু তেওঁলোকৰ দ্বাৰা নিয়োজিত আন একাংশ স্বেচ্ছাসেৱী অনুষ্ঠান ইয়াৰ সৈতে জড়িত হৈছে সেই খবৰো আছিল উক্ত প্ৰতিবেদনত।

দেশৰ ২৪খন ৰাজ্যৰ ২০ লাখ সদস্যক সামাজিক কামৰ নামত সদস্যভক্ত কৰাই কৌশলপূৰ্ণভাৱে নিষিদ্ধ সামগ্ৰীৰ চোৰাং বেহাক ছদ্মবেশ হিচাপে গ্ৰহণ কৰা একাংশ এজেন্টে তেনেই দুখীয়া পৰিয়ালৰ কিছু লোকক কৌশলেৰে এনেদৰে সদস্যভুক্ত কৰি নিষিদ্ধ সামগ্ৰীৰ খুচুৰা বেহাত জড়িত কৰিছিল সেই কথাও কেন্দ্ৰীয় সংস্থাটোৰ প্ৰতিবেদনত উল্লেখ আছিল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ধাৰাবাহিক প্ৰতিবেদন দুখনত জাভেদ আৰু মুস্তাক নামৰ দুই এজেন্টে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপতে বাহৰ পাতি চোৰাং সামগ্ৰীৰ নিষিদ্ধ বেহাৰ পৰা জেহাদৰ শিপা গজোৱা লৈকে বিভিন্ন দিশ পৰিচালনা কৰাৰ তথ্যৰ বিষয়েও উল্লেখ কৰাহৈছে।

আনহাতে, ধুবুৰীত বাহৰ পাতি থকা আৰক্ষীৰ শীৰ্ষ মহলেৰে ঘনিষ্ঠ আন এজন বাংলাদেশৰ এজেন্টে দেশখনৰ চোৰাংচোৱা সংস্থাৰ প্ৰতিনিধি ৰূপে অসমৰ চোৰাংচোৱা সংস্থাসমূহৰ সৈতে সঘন সম্পৰ্ক ৰক্ষা কৰি জেহাদ আৰু চোৰাং বেহাৰ পথ সুচল কৰি তোলাৰ বিষয়েও কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত উল্লেখ কৰা হৈছিল। এই সন্দৰ্ভত কিছুদিন পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্রধানগৰাকীয়ে আয়োজন কৰা এখন সংবাদমেলত কিছু ইংগিত দিছিল যদিও, বিস্তৃত তথ্য প্ৰকাশ কৰা নাছিল।

ইফালে, অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ পৰা অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়াক উক্ত প্ৰতিবেদনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আৰক্ষীৰ থেৰো-গেৰো স্থিতিৰ কাৰণ কি এই সন্দৰ্ভত জানিব বিচাৰোতে তেওঁ স্পষ্ট ভাৱে কৈছিল যে, অসমৰ আৰক্ষীৰ হাতত বহু খবৰ আহি পৰিছে যদিও, প্ৰামাণিক তথ্যৰ অভাৱত বৰ্তমানলৈকে কোনো প্ৰত্যক্ষ অভিযান চলাব পৰা হোৱা নাই। অৱশ্যে তেওঁৰ লগতে অসম আৰক্ষীৰে শীৰ্ষ পৰ্যায়ৰ একাংশ বিষয়াই অভিযানৰ কৌশলপূৰ্ণ পৰিকল্পনা যুগতোৱাৰ ইংগিতো দিছিল।

লক্ষণীয়ভাৱে এই প্ৰতিবেদনৰ পাছতে নৱগঠিত চৰকাৰে শপত লোৱাৰ পিছদিনাই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক আৰু তাৰপাছতে জিলা উপায়ুক্তসকলৰ ব্যাপক ৰদবদল কৰোৱা হয়। তৃতীয় দিনাৰ পৰাই আৰম্ভ হয় ড্ৰাগছ আৰু অন্যান্য চোৰাং সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান। ধুবুৰীৰ পৰা নগাঁৱত যোগদান কৰিয়েই এই অভিযানৰ পাতনি মেলে দক্ষ আৰক্ষী অধীক্ষক এ. মিশ্ৰই । সেইদিনাই নগাঁৱৰ বটদ্ৰৱাত ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী এখন ৰহস্যপূৰ্ণ কয়লাৰ ট্ৰাক জব্দ কৰাৰ লগতে জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ এক অভিযান চলোৱা হয়। পৰ্যায়ক্ৰমে এয়া ৰাজ্যৰ বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in