বোকাখাতত ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাৰ মনোনয়ন দাখিল…

বোকাখাতত ৰাইজৰ দলৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাৰ মনোনয়ন দাখিল…

ডিজিটেল সংবাদ, বোকাখাতঃ সোমবাৰে বোকাখাতত মনোনয়ন দাখিল কৰে ৰাইজৰ দল আৰু এ জে পিৰ উমৈহতীয়া প্ৰাৰ্থী জীৱন চন্দ্র বৰা, মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলে আৰু নিৰ্দলীয় প্ৰাৰ্থী দুলাল বৰায়।

উল্লেখ্য যে জীৱন চন্দ্র বৰা এডুকেচনেল ইন্টাৰনেছনেলৰ সদস্য, অল ইণ্ডিয়া প্ৰাইমেৰী টিচাৰ ফেডাৰেচনৰ উপ সম্পাদক, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতিৰ লগতে শিক্ষকতাৰ পৰাও স্বেচ্ছায় অৱসৰ লৈ নিৰ্বাচনত অৱৰ্তীণ হৈছে।

কেইবাসহস্ৰাধিক সমৰ্থকৰ সৈতে আহি বোকাখাত জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত বৰাক সহযোগিতা কৰে এ জে পিৰ গোলাঘাট জিলাৰ আহ্বায়ক ৰেৱকান্ত গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in