ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব হেমন্ত চোৰেন, আসনৰ ভাগ বতোৱাৰা

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব হেমন্ত চোৰেন, আসনৰ ভাগ বতোৱাৰা

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদত নামিবলগা মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব হেমন্ত চোৰেন। শুকুৰবাৰে এক সংবাদ মেল যোগে মিত্ৰজোঁটৰ ফালৰ পৰা এই কথা ঘোষণা কৰে ঝাৰখণ্ড কংগ্ৰেছৰ প্ৰভাৰী আৰপিএন সিঙ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ অধ্যক্ষ হেমন্ত চোৰেনে।

উল্লেখ্য যে, ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইবাৰ একত্ৰিত হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দল। ইতিমধ্যে মহামিত্ৰজোঁটৰ আসন ভাগ বতোৱাৰা সম্পূৰ্ণ হৈছে। সেই অনুসৰি নিৰ্বাচনত জেএমএমে ৪৩ খন, কংগ্ৰেছে ৩১ খন আৰু আৰজেডিয়ে ৭খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শুকুৰবাৰে সংবাদ মেলত মিত্ৰজোঁটত আৰজেডিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগা সমষ্টিসমূহৰ নামো ঘোষণা কৰে। ৰাজ্যখনত ৰাষ্ট্ৰীয় জনতা দলে দেৱঘৰ, গোড্ডা, কোডৰমা, চতৰা, বৰকটা, চতৰপুৰ আৰু হুছেইনাবাদত প্ৰাৰ্থিত্ব প্ৰদান কৰিব।

ইফালে সংবাদ মেলত ঝাৰখণ্ড মুক্তি মৰ্চাৰ অধ্যক্ষ তথা মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হেমন্ত চোৰেনে কয় যে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা মহামিত্ৰজোঁটত কোনো ৫০-৫০ নীতি অৱলম্বন কৰা হোৱা নাই। ইয়াৰ অৰ্থ এয়াই যে ৰাজ্যখনত মহামিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে জেএমএমৰ আঢ়ৈ বছৰীয়া আৰু কংগ্ৰেছ-জেডিএছৰ আঢ়ৈ বছৰীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ কোনো নীতি গ্ৰহণ কৰা নহয়। লগতে মহামিত্ৰজোঁটৰ অন্তৰ্ভূক্ত দলসমূহে যদি নিজৰ অংশৰ আসনৰ উপৰিও অন্য আসনৰ বাবেও প্ৰাৰ্থিত্ব প্ৰদান কৰিব খোজে, তেন্তে তেনে দলক মহামিত্ৰজোঁটৰ পৰা বাহিৰ কৰা হ'ব বুলিও জনায় হেমন্ত চোৰেনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in