জাঁজীনৈৰ দলঙৰ পৰা পৰি বৰযাত্ৰী আহত, পকী দলং নিৰ্মাণৰ দাবীত আছুৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত এজাৰগুৰিৰ জাঁজীনদীৰ ওপৰত থকা বাঁহৰ দলং ভাগি বৰযাত্ৰী আহত হোৱা ঘ্টনাই চৰকাৰে ঢাক ঢোল বজাই উন্নয়নৰ যে আভুৱা ভাৰিলে সেয়া পুনৰবাৰ প্ৰতিফলিত হ'ল টীয়কত। উল্লেখ্য যে, বহু সময়ত ছাত্ৰ সন্থা তথা ৰাইজে এজাৰগুৰিৰ জাঁজীনদীৰ ওপৰত এখন পকী দলঙৰ নিৰ্মাণৰ দাবী জনায় আহিছিল যদিও স্বাধীনোত্তৰ কালৰ ৭৩ বছৰৰ পাছতো যোগাযোগ ব্যৱস্থাৰ যে একো উন্নতি নহ'ল সেয়া পুনৰবাৰ প্ৰতীয়মান হ'ল।

সোমবাৰে পুনৰ জাঁজীনদীৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবীত শিমলুগুৰী মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত দত্ত আৰু সম্পাদক কংকুল বৰুৱা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ টীয়ক ৰাজহ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী, গড়কাপ্তানী মন্ত্ৰী আৰু যোৰহাট জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা হয়। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাৰ উপস্থিতিত আছুৱে প্ৰদান কৰে এই স্মাৰক পত্ৰ।

চৰকাৰে যদি জাঁজীনদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ নকৰে তেন্তে ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে সোমবাৰে স্মাৰক পত্ৰ দিয়া প্ৰতিনিধি দলটোৱে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগে কয়, ২০১৮ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ৩০ নৱেম্বৰত প্ৰচাৰ চলাবলৈ অহা গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত উন্নয়নমূলক কাম কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ'ল। পৰিবৰ্তনৰ নাম কৈ ভোট ঠিকে লাভ কৰিলে পিছে উন্নয়নৰ দিশলৈ পিঠিহে দিছে চৰকাৰখনে। ৰাইজক আভুৱা ভৰাৰ বাহিৰে যে চৰকাৰৰ প্ৰতিশ্ৰুতি আন একো নাছিল সেয়া পুনৰবাৰ প্ৰমাণ হল বুলিও তেওঁ কয়।

ইফালে ছাত্ৰ নেতাজনে লগতে কয় যে, ১৫ দিনৰ ভিতৰত টীয়ক সমষ্টিলৈ আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাঁজীমুখ আৰু এজাৰগুৰিত দলঙৰ নিৰ্মাণ সম্পৰ্কত আলোচনা কৰিছিল কিন্তু এতিয়া তেওঁ সেই কথা পাহৰিছে। সমাজৰ সকলো লোকৰ উন্নিতিৰ কথা কোৱা চৰকাৰৰ প্ৰতিশ্ৰুতি ৰাইজক বুৰ্বক সজোৱাৰ বাহিৰে আন একো নাছিল বুলিও তেওঁ কয়।

যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱাই চৰকাৰ তথা টীয়ক সমষ্টিৰ বিধায়িকা গৰাকীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা আভুৱা ভৰা নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ছাত্ৰ নেতাজনে কয় যে, ভোট দি কোনো এজন প্ৰতিনিধিক ৰাইজৰ হকে মাত মাতিবলৈ বিধানসভালৈ প্ৰেৰণ কৰা হয় কিন্তু দিছপুৰৰ আসনখন দখল কৰাৰ পিছতে জনতালৈ পিঠি দি নিজৰ উন্নয়নতহে লাগে জনপ্ৰতিনিধিসকল।

আন এক বিবৃত্তিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই আক্ষেপ প্ৰকাশ কৰি কয়- এজাৰগুৰিৰ পৰা টীয়ক সংযোগী পথত জাঁজীনদীৰ ওপৰত এখন পকী দলং নোহোৱাৰ বাবে ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে। ৰাইজৰ সমস্যাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা টীয়ক সমষ্টিৰ বিধায়িকাৰ লগতে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰক পুনৰবাৰ নিৰ্বাচনী বিষয় হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে ছাত্ৰ নেতাজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in