পুৱাই মুম্বাইত জেট এয়াৰৱেজ বিমানত অঘটনঃ যাত্ৰীৰ নাক-কাণৰ পৰা নিৰ্গত হ’ল তেজ! কি হৈছিল চাওঁক VIDEOত

পুৱাই মুম্বাইত জেট এয়াৰৱেজ বিমানত অঘটনঃ যাত্ৰীৰ নাক-কাণৰ পৰা নিৰ্গত হ’ল তেজ! কি হৈছিল চাওঁক VIDEOত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে এক বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে জেট এয়াৰৱেজৰ এখন বিমান। বিমানখনত আছিল ১৬৬জন যাত্ৰী আৰু ৩০জন বিমান কৰ্মী। পুৱা মুম্বাইৰ বিমান বন্দৰৰ পৰা জয়পুৰ অভিমুখে উৰা মাৰিছিল বিমানখন। হঠাৎ বিমানখনৰ যাত্ৰীসকলৰ অধিকাংশই অসুস্থ হৈ পৰাত হাহাকাৰ লাগে বিমান যাত্ৰীসকলৰ মাজত।

বিমানখনৰ ভিতৰত থকা অক্সিজেনৰ মাস্ক পিন্ধি কোনোমতে প্ৰাণৰক্ষা কৰিলে যাত্ৰীসকলে। বিমানখনৰ ক'কপিটত থকা বিমান কৰ্মীৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হয়। বিমানখনত থকা যাত্ৰীসকলে মূৰৰ বিষ আৰু কেবাজনো যাত্ৰী নাক আৰু কাণৰ পৰা তেজ নিৰ্গত হৈছে।

বিমানৰ ভিতৰৰ এই অৱস্থাৰ পাছত তাৎক্ষণিকভাৱে বিমানখন ঘূৰাই আনি পুনৰ মুম্বাইৰ বিমান বন্দৰত অৱতৰণ কৰে। জানিব পৰা মতে, 9W697 নম্বৰৰ বিমানখন উৰাৰ পাছত ভিতৰৰ কেবিন এয়াৰ প্ৰেছাৰ নিয়ন্ত্ৰণৰ বাবে এটা বিশেষ ছুইচ টিপিব লাগে। বিমানখনৰ বিমান কৰ্মীসকলে সেই ছুইচটো অন নকৰাৰ বাবেই হঠাৎ হ্ৰাস পাই বিমানখনৰ ভিতৰৰ কেবিন প্ৰেছাৰ। যাৰফলত জেট এয়াৰৱেজৰ 737 শ্ৰেণীৰ যাত্ৰীবাহী বিমানখনত এই পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনৰ ভিতৰত সৃষ্টি হোৱা পৰিৱেশ এয়া।

এজন যাত্ৰীয়ে ম'বাইলত সংগ্ৰহ কৰিছিল এই দৃশ্য। ইতিমধ্যে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে অসামৰিক বিমান দপ্তৰে। কেবিন প্ৰেছাৰ বন্ধ হৈ যোৱাৰ বাবেই বিমানখনৰ ভিতৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছিল। এনে কাণ্ডৰ বাবে বিমানখনৰ প্ৰায় সংখ্যক যাত্ৰী অসুস্থ হৈ পৰাৰ পাছত জেট এয়াৰৱেজে সমগ্ৰ ঘটনাৰ বাবে যাত্ৰীসকলৰ ওচৰত দুখ ব্যক্ত কৰি ক্ষমা বিচাৰিছে।

ইফালে, মুম্বাইৰ পৰা জয়পুৰলৈ যাবলগা যাত্ৰীসকলৰ বাবে সকলো সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে জেট এয়াৰৱেজ কৰ্তৃপক্ষই। তাৎক্ষণিকভাৱে বিমানখন অৱতৰণ নকৰা হ'লে যাত্ৰীসকলৰ অৱস্থা আৰু অধিক সংকটজনক হ'ল হেতেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in