বিয়াৰ বাবে সাজু জেনিফাৰ ল’পেজ, ভাবীস্বামী ৰোড্ৰিগেজৰ সৈতে ভাইৰেল Photo

বিয়াৰ বাবে সাজু জেনিফাৰ ল’পেজ, ভাবীস্বামী ৰোড্ৰিগেজৰ সৈতে ভাইৰেল Photo

ডিজিটেল ডেস্কঃ কেৱল নিজৰ দেশৰে নহয়, সমগ্ৰ বিশ্বৰ অনুৰাগীৰ হিয়াৰ মণি আমেৰিকাৰ মোহময়ী অভিনেত্ৰী তথা গায়িকা জেনিফাৰ ল'পেজৰ বিয়া। ৪৯ বছৰ বয়সত মোহময়ী অভিনেত্ৰী, গায়িকাগৰাকীয়ে এইবাৰ জীৱন সংগী হিচাপে বাচি লৈছে বেচবল খেলুৱৈ এলেক্স ৰোড্ৰিগেজক। শনিবাৰে নিশা এলেক্স ৰোড্ৰিগেজে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত জেনিফাৰ ল'পেজৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ বিবাহৰ আনুষ্ঠানিক ঘোষণা কৰে।

https://www.instagram.com/p/Buzz2LMg92D/?utm_source=ig_embed

ফক্সনিউজ ডট কম নামৰ ৱেবচাইটৰ খবৰ অনুসৰি শনিবাৰে নিশা ৰোড্ৰিগেজে জেনিফাৰ ল'পেজৰ আঙুলিত আঙুঠি পিন্ধাই থকা এখন ফটো শ্বেয়াৰ কৰে। ফটোখনৰ লগতে ৰোড্ৰিগেডে লিখিছে- 'তেওঁ ইয়েছ বুলি কৈছে'।

https://www.instagram.com/p/BuuiAzYg-wl/?utm_source=ig_embed

উল্লেখ্য যে, ২০০৫ চনত প্ৰথমবাৰৰ বাবে জেনিফাৰ আৰু ৰোড্ৰিগেজৰ সাক্ষাৎ হৈছিল। তাৰ পিছত দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায়। কিছুদিন পূৰ্বে দুয়োজনে তেওঁলোকৰ দুবছৰীয়া প্ৰেম বাৰ্ষিকীও পালন কৰিছে। আনফালে ১৯৬৯ চনত জন্মগ্ৰহণ কৰা জেনিফাৰে পূৰ্বে তিনিবাৰকৈ বিবাহ বিচ্ছেদ কৰিছে। মাৰ্ক এনথনীৰ সৈতে ১০ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই ২০১৪ চনত বিবাহ বিচ্ছেদ কৰিছিল জেনিফাৰ লপেজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in