ঘোষণা হল JEE Main 2021ৰ পৰীক্ষাৰ ফলাফল

ঘোষণা হল JEE Main 2021ৰ পৰীক্ষাৰ ফলাফল

ডিজিটেল ডেস্কঃ ঘোষণা হল JEE Main 2021ৰ পৰীক্ষাৰ ফলাফল। ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ ৰিজাল্ট সোমবাৰে ঘোষণা কৰা হয়। এই ৰিজাল্ট ৭মাৰ্চত ঘোষণা কৰাৰ কথা আছিল যদিও ৮ৰ্মাচত ঘোষণা কৰা হয় ফলাফল। এই ফলাফল jeemain.nta.nic.inত গৈ শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব।

ইফালে এই পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়ালে টুইটযোগে জনায় যে, Dear students, #JEE(Main) February session 2021 results are out. Congratulations to the students. Till last year, exams were done in 3 languages only but this time exams were conducted in 13 languages & results have been declared in 10 days- Great achievement by @DG_NTA.

উল্লেখ কৰা প্ৰয়োজন যে, ফেব্ৰুৱাৰীত হোৱা এই পৰীক্ষাত প্ৰায় ৬.৬লাখ শিক্ষাৰ্থীয়ে বি টেক পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰাইছিল। ইয়াৰ ভিতৰত ৯৫শতাংশ শিক্ষাৰ্থী বহিছিল পৰীক্ষাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in