জেইই মেইনছৰ পৰীক্ষালৈ গৈ অসুবিধাত পৰীক্ষাৰ্থী, আজাৰাৰ কেন্দ্ৰত নাই বাহন ৰখোৱাৰ উপযুক্ত স্থান, সা-সুবিধা, VIDEO

জেইই মেইনছৰ পৰীক্ষালৈ গৈ অসুবিধাত পৰীক্ষাৰ্থী, আজাৰাৰ কেন্দ্ৰত নাই বাহন ৰখোৱাৰ উপযুক্ত স্থান, সা-সুবিধা, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ অনলাইন পৰীক্ষাৰ সুবিধা থকা ৰাজ্যৰ একাংশ পৰীক্ষা কেন্দ্ৰৰ কাণ্ডই অতিষ্ট কৰিছে সৰ্ব সাধাৰণক। হেজাৰ হেজাৰ পৰীক্ষাৰ্থীৰ বাবে সুবিধা উপলব্ধ হোৱাৰ হেতু চৰকাৰী বিভিন্ন বাচনি পৰীক্ষা অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰা একাংশ পৰীক্ষা কেন্দ্ৰৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে অসুবিধাত পৰিছে সাধাৰণ লোক। ৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে জেইই মেইনছৰ পৰীক্ষা। মহানগৰীৰ সমীপৱৰ্তী আজাৰাৰ ই কম টাৱাৰত বুধবাৰে অনুষ্ঠিত হোৱা পৰীক্ষা দিবলৈ গৈ হাৰাশাস্তিত ভুগিব লগা হয় ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক।

আটাইকেইটা দিন মিলাই প্ৰায় ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলগীয়া হোৱা কেন্দ্ৰটোত জেইইৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ত দেখিবলৈ পোৱা যায় যানবাহন চলাচলৰ লগতে বাহন ৰখোৱাৰ সময়ত চৰম অচলাৱস্থাৰ। একে সময়তে প্ৰায় ২ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব পৰা কেন্দ্ৰটোৰ নিজাকৈ নাই বাহন ৰখোৱাৰ বাবেও উপযুক্ত স্থান। মাত্ৰ ৩০ খনৰো কম বাহন ৰখাব পৰাকৈ এক স্থান আছে যদিও পৰীক্ষাৰ্থীৰ তুলনাত উপযুক্ত নহয় এইয়া। ইয়াৰ লগতে সন্ধিয়া হলেই ঘূৰ অন্ধকাৰে আগুৰি ধৰে সমগ্ৰ চৌহদ। কাৰণ ঠাইখন পোহৰাব পৰাকৈ লাইট এটাও নাই ই কম টাৱাৰত।

চৰকাৰী বিভিন্ন পদৰ বাচনিৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰা তথা এপিএছচিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰটোত প্ৰয়োজনীয় পৰিৱেশ নথকাৰ বাবে স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত অভিভাৱকসকল। ইফালে প্ৰৱেশদ্বাৰৰ সন্মুখতে অটোৰ দৰে বাহন বিলাক ৰখোৱাৰ বাবে কেন্দ্ৰটোৰ ভিতৰতৈ সোমাবলৈও অসুবিধা হয় নিজ নিজ কামত যোৱা লোকসকলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in