আজম খানৰ মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া জয়াপ্ৰদাৰ…

আজম খানৰ মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া জয়াপ্ৰদাৰ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিতৰ্কিত নেতা আজম খানে জয়াপ্ৰদা সন্দৰ্ভত কৰা মন্তব্যক লৈ অভিনেত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী জয়াপ্ৰদাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জয়াপ্ৰদাই কয়, 'তেওঁ যি মন্তব্য কৰিছে সেয়া মোৰ ক'বলৈও লাজ লাগিছে। মই তেওঁক কি কৰিব পাৰো সেয়াও ভাবিব পৰা নাই।'

মহিলাৰ বিৰুদ্ধে এই আপত্তিজনক মন্তব্য কৰা খানক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব দিব নালাগে বুলি আয়োগৰ প্ৰতি আহ্বান জনায়। জয়াপ্ৰদাৰ মতে, এনেবোৰ মানুহে নিৰ্বাচনত জয়ী হৈ গ'লে গণতন্ত্ৰৰ কি অৱস্থা হ'ব! উল্লেখযোগ্য যে, এখন সভাত জয়াপ্ৰদাৰ নাম নোলোৱাকৈয়ে সমাজবাদী পাৰ্টীৰ নেতা আজম খানে জয়াপ্ৰদা সন্দৰ্ভত এই আপত্তিজনক মন্তব্য কৰিছিল।

এক সূত্ৰ অনুসৰি মহিলা সন্দৰ্ভত এই আপত্তিজনক মন্তব্য কৰা আজম খানে এই অভিযোগ সঁচা প্ৰমাণিত হ'লে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিবও পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in