মহানগৰীৰ মাজমজিয়াতে আজিও অৱহেলিত শিল্পী জয়ন্ত হাজৰিকা!

মহানগৰীৰ মাজমজিয়াতে আজিও অৱহেলিত শিল্পী জয়ন্ত হাজৰিকা!

ডিজিটেল ডেস্কঃ শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫সংখ্যক জন্মদিন বৃহস্পতিবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয়। অসমীয়া সংগীত জগতৰ এই গৰাকী ভোটাতৰাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত । ৩৪বছৰ বয়সতে অকালতে মৃত্যু হোৱা তেওঁৰ গীতবোৰে আজিও শ্ৰোতাৰ মন-মগজুত খলকনি তোলে।

চানমাৰিৰ উৰণীয়া সেতুৰ তলত থকা তেওঁৰ প্ৰতিমূৰ্তি তথা উদ্যানত বৃহস্পতিবাৰে উদযাপন কৰা হয় জন্মদিন। কিন্তু মহানগৰীৰ মাজমজিয়াত শিল্পীজনৰ নামত থকা এই উদ্যানখন চোৱা-চিতা কৰিবলৈ আজৰি নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ। পূৰ্বৰ কেই বছৰমান কোনো এটা এন জি অ'ক উদ্যানখন চোৱা-চিতাৰ বাবে দায়িত্ব দিয়া হৈছিল যদিও, সেই দায়িত্ব পুনৰ নিজৰ হাতত লৈছে জি এম ডি এয়ে।

দায়িত্ব লৈছিল যদিও, গছ-বন, লতাৰে ভৰি থকা জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু উদ্যান চাফ-চিকুণ কৰিবলৈ আজৰি নাপায় বিভাগটোৱে। এই দৃশ্য চাওঁক কিদৰে লতা, গছ, বনেৰে ভৰি পৰিছে উদ্যানখন।

এজন শিল্পীৰ নামত মহানগৰীৰ মাজমজিয়াত থকা উদ্যান তথা তেওঁৰ প্ৰতিমূৰ্তিৰ দশা এয়া। ২০ ছেপ্টেম্বৰ অৰ্থাৎ তেওঁৰ জন্মদিনৰ দিনৰ পূৰ্বৰ দিনা এদিনৰ বাবে চাফ-চিকুণ কৰা হয় এই উদ্যানখন। ইয়াৰ বিপৰীতে কিন্তু এই উদ্যানখনৰ খবৰ ল'বলৈ আহৰি নাই কাৰোৰে। কি দৰে হাবি-জংঘলৰ মাজত পৰি থাকে চাওঁক প্ৰিয় শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তি।

অথচ এইজন শিল্পীৰে কালজয়ী গীতে দৰ্শক-শ্ৰোতাক আজিও নষ্টালজিক কৰি তোলে। মণিৰাম দেৱান, লটি-ঘটি, ফাগুনী, চিকমিক বিজুলী আদি বহু ছবিত গীত গাইছিল জয়ন্ত হাজৰিকাই। তেওঁ সংগীত পৰিচালনা কৰা ছবিসমূহৰ ভিতৰত বনৰীয়া ফুল (১৯৭১), বৃষ্টি (১৯৭৫), নিয়তী (১৯৭৮), ধৰ্মকাই (১৯৭৭), নতুন আশা (১৯৭৭) আছিল অন্যতম। ইয়াৰোপৰি তেওঁ কেবাখনো ছবিৰ বাবে সংগীত পৰিচালনা কৰিছিল যদিও সেই ছবিকেইখনে মুক্তি নাপালে।

১৯৭৭চনত তেওঁ গঠন কৰিছিল সুৰবাহিনী। গোলাঘাটত বানাক্ৰান্ত সকলক সহায়ৰ বাবে তেওঁ বাটে-পথে গান গাই সংগ্ৰহ কৰিছিল ধন। তেতিয়াই তেওঁ গাইছিল 'লুইতৰ বলীয়া বান, ভয় নাই ভয় নাই আদি জনপ্ৰিয় গীতবোৰ। এইজন মহান শিল্পীৰ প্ৰতি চৰকাৰ তথা দল-সংগঠনৰ উপেক্ষা চিন্তনীয়।

বৃহস্পতিবাৰে শিল্পীজনৰ ৭৫ সংখ্যক জন্মদিৱসৰ অনুষ্ঠানত চানমাৰিৰ এই উদ্যানখনত থকা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পত্নী মনীষা হাজৰিকাই। তেওঁ এই কথা অতি দুখেৰে জনায় যে, শিল্পীজনৰ জন্মদিৱস পাতিবলৈ পৰিয়ালৰ লোকেই প্ৰায় চাফা কৰিবলগা হয় উদ্যানখন।

ইফালে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকক উদ্যানখনৰ ওচৰতে থকা এজন ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে- বছৰৰ ৩৬৪দিনে অনাদৰ হৈ পৰি ৰৈ এই উদ্যানখন। গছ-লতাৰে ভৰি পৰে জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তি। চাওঁতা নাই উদ্যানখনৰ। কেৱল জন্মদিনৰ দিনা বা মৃত্যু দিনৰ দিনা চাকি-বন্তি জ্বলোৱা হয় উদ্যানখনত। বৃহস্পতিবাৰৰ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখন বুধবাৰে চাফা কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in