চিকিৎসাৰ অবিহনে চটফটাইছে জয়ন্তইঃ প্ৰয়োজন আপোনাৰ নামমাত্ৰ সহায়ৰ

চিকিৎসাৰ অবিহনে চটফটাইছে জয়ন্তইঃ প্ৰয়োজন আপোনাৰ নামমাত্ৰ সহায়ৰ

ডিজিটেল সংবাদ শিমলুগুৰি: লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ৰঙতি মিছামৰাৰ এজন বিবাহিত যুৱকে চিকিৎসাৰ অভাৱত ঘৰৰ বিচনাতে চটফটাবলগীয়া হোৱা ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে ৷ জানিব পৰা মতে দ্ৰোণ ভূঞাৰ পুত্ৰ জয়ন্ত ভূঞা(৩৫)ই চিকিৎসা আৰু ঔষধৰ অভাৱত বিচনাতে পৰি থাকিবলগীয়া হৈছে ৷ চাৰি বছৰীয়া এটি কন্যা সন্তানৰ পিতৃ জয়ন্ত তিনিবছৰৰ পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷

দুবেলা দুমুঠি খায় পেট প্ৰৰ্বতোৱা তেওঁৰ পৰিয়ালটিয়ে সেইসময়ত গুৱাহাটীস্থিত বি বৰুৱা কেঞ্চাৰ হাস্পাতালত চিকিৎসা কৰাইছিল যদিও অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব নোৱাৰি ঘৰলৈ ঘুৰি আহিছিল ৷ উল্লেখ্য, পইছাৰ অভাৱত আজি বহুদিন ধৰি চিকিৎসা কৰিব নোৱাৰা জয়ন্তই চকুৰ দৃষ্টি শক্তি হেৰুৱাৰ লগতে অসুস্থ হৈ বিচনাতে চটফটাই থাকিবলগীয়া হৈছে ৷

স্মৰ্তব্য, জয়ন্তৰ চিকিৎসাৰ নামত ঘৰৰ মাটি-বাৰী, সা-সম্পত্তি আদি সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হ'ল ৷ জয়ন্তক উন্নত চিকিৎসাৰে সুস্থ কৰোৱাৰ দূৰ্বাহ হেঁপাহ মনত পুহি ৰখা পত্নী আৰু পৰিয়ালটিয়ে আনৰ ওচৰত সহায় বিচৰাৰ বাদে একো উপায় নাইকিয়া হৈছে ৷ পত্নীৰ লগতে পৰিয়ালটিয়ে চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ হাত আহ্বান কৰিছে ৷ এই জটিল সন্ধিক্ষণত জয়ন্তক কোনো সুহৃদয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে তেওঁৰ পত্নীৰ নামত থকা এচ বি আইৰ একাউন্ট নং ৩৯৪৮৯৬৯০৯২৯, আই এফ এচ চি এছ বি আই এন ০০১৭২০৮ অথবা ৯৯৫৭৭০৭০৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

উল্লেখ্য, গাঁৱৰ বহু কেইগৰাকী যুৱক যুৱতীয়ে ঘৰে ঘৰে গৈ কিছু অৰ্থ সংগ্ৰহ কৰিছিল যদিও পৰ্যাপ্ত নহয় ৷ সচেতন যুৱক-যুৱতীসকলে অসম চৰকাৰ তথা সুহৃদয় লোকে জয়ন্তক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in