বিজেপি সাংসদ ৰবি কিষাণৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া জয়া বচ্চনৰঃ যি থালিতে খাইছে, তাতেই থুৱাইছে…

বিজেপি সাংসদ ৰবি কিষাণৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া জয়া বচ্চনৰঃ যি থালিতে খাইছে, তাতেই থুৱাইছে…

ডিজিটেল ডেস্কঃ সমাজৱাদী পাৰ্টীৰ সাংবাদিক তথা জ্যেষ্ঠা অভিনেত্ৰী জয়া বচ্চনে ৰাজনৈতিক নেতা-অভিনেতা ৰবি কিষাণে সোমবাৰে সদনত কৰা মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰে। জয়া বচ্চনে কয় যে, 'ছ'চিয়েল মিডিয়াত ফিল্ম ইণ্ডাষ্ট্ৰীক বদনাম কৰা হৈছে।'

ইয়াৰ পূৰ্বে বিজেপি সাংসদ ৰবি কিষাণে কৈছিল যে, বলিউড ড্ৰাগছ আসক্তিৰ চিকাৰ হৈছে। উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ লগতে ড্ৰাগছৰ তদন্ত আৰম্ভ কৰাৰ পাছৰে পৰা বলিউডত ইয়াৰ সৈতে জড়িত বহুজনৰ নাম পোহৰলৈ আহিছে।

লগতে জয়া বচ্চনে কয় যে, 'কেইজনমান লোকৰ বাবে বলিউড ইণ্ডাষ্ট্ৰীক বদনাম কৰাতো উচিত নহয়। কালি মোৰ বহুত বেয়া লাগিল যেতিয়া লোকসভাৰ এজন সদস্য যি বলিউডৰ সৈতে জড়িত তেওঁ ফিল্ম ইণ্ডাষ্ট্ৰীক বেয়া বুলি ক'লে। যি থালিত খাইছে, তাতেই থুৱাইছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in