কৃষি বিপ্লবৰ সূচনা কামাৰপাৰাৰ উচ্চ শিক্ষিত দম্পতীৰ, ষ্ট্ৰ’বেৰী খেতিৰে স্বাৱলম্বী জয়া-পৰমেশ্বৰ

কৃষি বিপ্লবৰ সূচনা কামাৰপাৰাৰ উচ্চ শিক্ষিত দম্পতীৰ, ষ্ট্ৰ’বেৰী খেতিৰে স্বাৱলম্বী জয়া-পৰমেশ্বৰ

ডিজিটেল সংবাদ, চেঙাঃ এহাল উচ্চ শিক্ষিত দম্পতীয়ে কৃষিক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰি ভাৰত বৰ্ষৰ উপৰিও বিভিন্ন দেশত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মণিপুৰী ব্লেক ৰাইচৰ পৰা ষ্ট্ৰ'বেৰী খেতিলৈকে ঐকান্তিকতাৰে কৃষি-কৰ্ম কৰি যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এই উচ্চ শিক্ষিত দম্পতী হৈছে পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্ত্তী কামাৰপাৰা গাঁৱৰ উচ্চ শিক্ষিত দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে চাকৰি বিচাৰি হাবাথুৰি নাখাই কৰ্মস্পৃহা আৰু উদ্যম বুকুত বান্ধি কৃষিকৰ্মত নিজকে আত্মনিয়োগ কৰি আহিছিল। এতিয়া সমাজৰ বাবে আদৰ্শ হৈ পৰিছে এওঁলোক।

মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা প্ৰাপক পৰমেশ্বৰ ডেকাই পত্নীৰ সহযোগত এইবাৰো দুবিঘা ষ্ট'বেৰী খেতি কৰি স্বাৱলম্বী হোৱাৰ আশা কৰিছে। যোৱা ঋতুকালত ডেকা দম্পতীয়ে এবিঘা ষ্ট্ৰ'বেৰী খেতি কৰি যথেষ্ট লাভান্বিত হোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে।এইবাৰো দুবিঘা ষ্ট্ৰ'বেৰী খেতিৰ পৰা প্ৰায় চাৰি লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে বুলি জানিবলৈ দিয়ে পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে। বিগত বৰ্ষৰ ৪ ডিচেম্বৰত আৰম্ভ কৰা এই ষ্ট্ৰ'বেৰী খেতি এইবৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে বিক্ৰী কৰিব পৰা হ'ব বুলিও জানিবলৈ দিয়ে।

ষ্ট্ৰ'বেৰী খেতিৰ বজাৰ মূল্য বৰ্তমান প্ৰতিকিলোগ্ৰামত চাৰিশৰ পৰা পাঁচশ টকা। এইবাৰ দুবিঘাত আঠ হাজাৰ ষ্ট্ৰ'বেৰী পুলি ৰোপণ কৰিছে ডেকা দম্পতীয়ে। ইয়াৰ ভিতৰত চাৰি হাজৰ পুলি বৰপেটা কৃষি বিভাগৰ পৰা যোগান ধৰাৰ কথা উল্লেখ কৰে ডেকাই। ষ্ট্ৰ'বেৰী খেতিকে ধৰি ক'লা গাজৰ, আলু, গোকুলী কবি, বিলাহী, বেঙেনা আদি ঋতুকালীন পাচলি খেতিৰেও স্বাৱলম্বী হোৱাৰ সপোন ব্যক্ত কৰিছে আদৰ্শ কৃষক দম্পতীয়ে। এইহাল দম্পতীয়ে বিগত সময়ছোৱাত মণিপুৰী ব্লেক ৰাইচৰ খেতি কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

পৰমেশ্বৰ ডেকাৰ খেতি পথাৰলৈ বিভিন্ন সময়ত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী অহাৰ উপৰিও বিদেশৰ কৃষি বিজ্ঞানী আহি ডেকাৰ কৃষিকৰ্ম দেখি আপ্লুত হৈছে। ইতিমধ্যে জাপান, দক্ষিণ আফ্ৰিকাৰ কৃষি বিজ্ঞানীৰ দলে পৃথকে পৃথকে ডেকাৰ খেতিপথাৰ পৰিদৰ্শন কৰি গৈছে। লক্ষ্যণীয় বিষয় যে, আদৰ্শ কৃষক ডেকাই ঘৰতেই জৈৱিক সাৰ প্ৰস্তুত কৰি লয়। ঘৰতেই প্ৰস্তুত কৰা সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰা পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে অঞ্চলজুৰি এক সুনাম কঢ়িয়াই আনিবলৈও সক্ষম হৈছে। বিভিন্ন সময়ত এইহাল আদৰ্শ কৃষক দম্পতীক চৰকাৰে সহায়-সহযোগিতা আগবঢ়াই আহিছে বুলিও উল্লেখ কৰে ডেকা দম্পতীয়ে।

যোৱা বৰ্ষৰ ৪ ৰ পৰা ১৩ নবেম্বৰলৈ যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ জৈৱিক পদ্ধতিৰ কৃষিকৰ্মৰ ওপৰত হোৱা এক আলোচনা চক্ৰত অসমক প্ৰতিনিধিত্ব কৰিছিল আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্লেন পেথ'লজি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰণৱ দত্তৰ তত্বাৱধানত অনুষ্ঠিত এই আলোচনা চক্ৰত গুজৰাট, পাঞ্জাৱ, কলকাতা, উত্তৰ প্ৰদেশ, দিল্লী, উৰিষ্যা, বিহাৰ,জম্মু-কাশ্মীৰ আদিকে ধৰি ৩৫খন ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে ডেকাই। ১২নবেম্বৰত পৰমেশ্বৰ ডেকাই নিজৰ কৃষিকৰ্মৰ ওপৰত প্ৰায় এঘন্টা সময় ভাষণ প্ৰদান কৰি উপস্থিত কৃষি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

বিভিন্ন সময়ত এইহাল আদৰ্শ কৃষক দম্পতীয়ে দল-সংগঠনৰ পৰা বঁটা-সম্বৰ্ধনা লাভ কৰিবলৈও সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা-২০১৭, সদৌ অসম সাংবাদিক সন্থা, সৰ্থেবাৰীৰ ভিক্টৰ গ্ৰুপ, এছিয়ান মিচন ইন্সটিটিউত, বাঘবৰ প্ৰেছৰ ক্লাৱৰ আছিফা স্মৃতি বঁটা-২০১৮, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ মহিলা কোষ, বৰপেটা জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতি, বৰপেটা জিলাৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা-২০১৮-১৯ আদি বঁটা আৰু সম্বৰ্ধনা পাবলৈ সক্ষম হৈছে আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in