শেহতীয়া খবৰ
ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...  •  বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী কোৰোনাত আক্ৰান্ত...  •  নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধেমাজিৰ হাবুঙত ৫ শতাধিক গছ পুলি ৰোপন...

মই জীৱনত এটা কথাই শিকিলো, সেইটো হ’ল কঠোৰ পৰিশ্ৰমঃ অভিনেতা অজয় দেৱগন…

553

ডিজিটেল ডেস্কঃবলিউডত এক সুকীয়া অভিনয় কৰি এক পৃথক পৰিচয় দাঙি ধৰা জনপ্ৰিয় অভিনেতা অজয় দেৱগনে অতি সহজ-সৰলভাৱে কৰে জীৱন-যাপন। পিছলৈ ভৱিষ্যতৰ বিষয়ে অধিক চিন্তা নকৰে এই অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মতে, তেওঁ অতি সাধাৰণভাৱেই জীৱন কটাই ভাল পায়। প্ৰয়াত জ্যেষ্ঠ একচন নিৰ্দেশক বীৰু দেৱগনৰ পুত্ৰ অজয় দেৱগনে ১৯৯১চনত ‘ফুল অ’ৰ কাটে’ ছবিখনৰ জৰিয়তে ভৰি দিছিল বলিউডৰ জগতত। জীৱনৰ প্ৰথমখন ছবিয়েই সফলতাৰে বক্স অফিচত চলাৰ পাছত অজয়ক এজন ভাল অভিনেতা ৰূপে দৰ্শকে আকোৱালি লয়।

জনপ্ৰিয় অভিনেতাগৰাকীয়ে কয় যে, ‘সৌভাগ্যক্ৰমে মই জীৱনত বিশেষ সংঘৰ্ষ কৰিব লগা হোৱা নাই। সকলো নিজে নিজেই আগবাঢ়ি গৈ আছে। মই জীৱনত বৰ্তমানলৈ যি শিকিলো, সেইটো হ’ল কঠোৰ পৰিশ্ৰম।’ লগতে তেওঁ কয়- নিজক আনৰ সৈতে তুলনা কৰিব নালাগে আৰু কেতিয়াও পিছলৈ অৰ্থাৎ অতীতলৈ ঘূৰি চাব নালাগে।

দুটি সন্তানৰ পিতৃ অজয় দেৱগনে বলিউড জগতখনত ২৮ বছৰ কাম কৰিছে। আৰু বৰ্তমানলৈ তেওঁ ১০০ খনৰো অধিক ছবিত কৰিছে অভিনয়। বিজয়পথ, দিলজলে, গংগাজল, ওমকাৰা, দৃশ্যম, টোটেল ধামাল, হম দিল দে চুকে চমন আদিৰ দৰে কেইবাখনো হীট ছবিত অভিনয় কৰা অজয় দেৱগানে আৰু অধিক ছবিত কাম কৰিব বুলি আশা প্ৰকাশ অনুগামীসকলৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি