নুনমাটি জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

নুনমাটি জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ উপলক্ষে নুনমাটিস্থিত জাতীয় বিদ্যালয়তো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে।

বিশেষকৈ দেশপ্ৰেমমূলক সংগীতানুষ্ঠানে উপস্থিত সকলোৰে মন চুই যায়। প্ৰতি বছৰে বিদ্যালয়খনে স্বাধীনতা দিৱস উপলক্ষে এনে দেশপ্ৰমী অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱসকলেও অংশ লয়।

ইফালে, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম জাতীয় বিদ্যালয়য়ে ২০ আগষ্টত গ্ৰহণ কৰিব আন এক বিশেষ কাৰ্যসূচী। সেই কাৰ্যসূচী মৰ্মে নিউ গুৱাহাটীস্থিত জাতীয় বিদ্যালয়ৰ পৰা নুনমাটিলৈকে ঘাইপথৰ দুয়ো দাঁতি আৰু বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰা হ'ব। এই বৃক্ষৰোপন কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ লগতে ৰাজ্যখনৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in