শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

ছুপাৰহিট ৰত্নাকৰঃ ৰাজ্যৰ কেইবাঠাইতো ছবিগৃহত VIDEO কৰি আটক যুৱক…

3,324

ডিজিটেল ডেস্কঃ ইংৰাজী-হিন্দী ছবিক ছবিঘৰৰ পৰা উফৰাই অসমত প্ৰথমদিনাই অভূৰপূৰ্ব সহাৰি লাভ কৰিলে যতীন বৰাৰ ছবি ৰত্নাকৰে। অসমত ৫৯ টাৰ লগতে মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু বেংগালুৰুৰ ১১ টা ছবিঘৰত সগৌৰৱেৰে ছলি আছে ৰত্মাকৰ। প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যৰ ৮০ শতাংশ চিনেমাঘৰত আটাইকেইটা দৰ্শনীৰে ৩ দিনৰ টিকট ইতিমধ্যেই শেষ হৈছে। মুঠৰ ওপৰত কব পাৰি যে, অসমীয়া চিনেমাৰ জড়তা ভাঙি ৰত্নাকৰ চাবলৈ হিলদ’ল ভাঙি ছবিঘৰলৈ আহিল দৰ্শক।

ৰত্নাকৰলৈ দৰ্শকে জনোৱা সহাঁৰি মাজতে ৰাজ্যৰ কেইবাঠাইৰ ছবিঘৰত সংঘটিত হল অঘটন। ছবিখন চলি থাকোতেই ভিডিঅ কৰি আৰক্ষীৰ হাতত পৰিল কেইবাজনো যুৱক। গুৱাহাটীৰ অনুৰাধা চিনেমাহলৰ লগতে নগাঁও, ওদালগুৰি, কলিয়াবৰ, নগাঁওত ৰত্নাকৰ ছবিখন ভিডিঅ কৰি হাতে লুটে ধৰা পৰিল কেইবাজনো যুৱক। ইয়াৰে অধিক সংখ্যক যুৱকেই হৈছে কলেজীয়া ছাত্ৰ।

Jatin Bora যতীন বৰা ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶುಕ್ರವಾರ, ಅಕ್ಟೋಬರ್ 11, 2019

যোৱা শুকুৰবাৰে নিশা এই বিষয়ৰ সন্দৰ্ভত ফেচবুকত উদ্বেক প্ৰকাশ কৰে ছবিখনৰ অভিনেতা যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা বৰাই। যতীন বৰাই এইবোৰ কামৰ পৰা আতৰি থকাৰ লগতে অসমীয়া ছবিক পুনৰ থন ধৰি উঠাত সহায় কৰিবলৈ সকলোকে আহ্বান জনায়। তেও লগতে ছবিখনলৈ দৰ্শকে আগবঢ়োৱা মৰমৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

যতীন বৰাই লগতে কয় যে গুৱাহাটীৰ অনুৰাধাৰ চিনেমা হলৰ পৰা এজন যুৱকক চান্দমাৰী আৰক্ষীয়ে ভিডিঅ কৰি থকাৰ বাবে আটক কৰিছিল যদিও যতীন বৰাই যুৱকজনক এৰি দিবলৈ আৰক্ষীক আহ্বান জনায়। ইফালে প্ৰযোজিকা নৱনীতাইয়ো আগন্তুক সময়ত এনে কামৰ পৰা আতৰি থাকিবলৈ সকলোকে আহ্বান জনায়।

উল্লখ্য যে, কিছু দিনৰ পূৰ্বে মুক্তি পোৱা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ ভিডিঅ কৰিও আৰক্ষীৰ জালত পৰিছিল এজন যুৱক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি