অসুস্থ জুবিনৰ কাষত যতীন…

অসুস্থ জুবিনৰ কাষত যতীন…

ডিজিটেল ডেস্কঃ ছবিজগতত জুবিন-যতীন মানেই হিট। বিগত প্ৰায় দুটা দশক এই জুবিন-যতীন যুটিয়ে অসমৰ দৰ্শকক দিছে বহু উপহাৰ। কিন্তু শেহতীয়াকৈ দেখা গৈছিল যে, কিছু বিষয়ক লৈ জুবিন আৰু যতীনৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হৈছিল। সন্মুখত নহ'লেও সংবাদ মাধ্যমৰ যোগে ইজনে সিজনক কৰিছিল তীব্ৰ কটাক্ষ। কিন্তু শুকুৰবাৰে জুবিন অসুস্থ হোৱাৰ খবৰ শুনি ৰৈ থাকিব নোৱাৰিলে অভিনেতা যতীন বৰাই।

গুৱাহাটীৰ টাউন ক্লাৱত এক অনুষ্ঠানত হঠাতে ঢলি পৰা জুবিনক নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা হৈছিল। অসংখ্য গুণমুগ্ধৰে ভৰি পৰিছিল হস্পাতালখনৰ চৌহদ। জুবিনৰ স্বাস্থ্যৰ বুজ ল'বলৈ নেমকেয়াৰত উপস্থিত হৈছিলগৈ যতীন বৰা। এক ফেচবুক পোষ্ট যোগে জুবিনক আই চি ইউত সাক্ষাৎ কৰাৰ কথাও অৱগত কৰিলে যতীন বৰাই। উল্লেখ্য যে, কা সন্দৰ্ভত শেহতীয়াকৈ দুয়োৰে মাজত সৃষ্টি হৈছিল মতানৈক্যৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in