৮ বছৰৰ একক শাসনৰ অন্তত জাপানৰ নতুন প্ৰধানমন্ত্ৰী য়শ্বিহাইড ছুগা…

৮ বছৰৰ একক শাসনৰ অন্তত জাপানৰ নতুন প্ৰধানমন্ত্ৰী য়শ্বিহাইড ছুগা…

ডিজিটেল ডেস্ক : জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচনত হয় য়শ্বিহাইড ছুগা। পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বিন্জো এবেয়েৰ ৮ টা বছৰৰ কাৰ্যকালৰ অন্তত কৰা পদত্যাগৰ পিছত জাপানৰ সংসদে নিৰ্বাচন কৰে এজন নতুন প্ৰধানমন্ত্ৰী।

ইয়াৰ পূৰ্বে য়শ্বিহাইদ ছুগায়ে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰুপে কাৰ্যনিৰ্বাহ কৰিছিল।বুধবাৰে এবেয়ে সাংবাদিক সকলক সম্বোধন কৰি কয় যে বিগত কাৰ্যকালক লৈ তেওঁ গৌৰৱাম্বিত।জাপানৰ নিম্নসদন ডায়েটত ৪৬২ ভোটৰ বিপৰীতে ৩১৪ টা ভোট লাভেৰে য়শ্বিহাইদ ছুগা্য়ে প্ৰধানমন্ত্ৰীৰুপে বিজয় সাব্যস্ত কৰে।নিম্নসদনত লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নেতৃত্বত গঠিত জোটৰ সংখ্যাগৰিষ্ঠাৰ পিছত ছুগাৰ এই জয় আছিল নিশ্চিত। 

এজন অভিজ্ঞ নেতৃত্বৰ পিছত ছুগা্ৰ মন্ত্ৰীসভাই সমগ্ৰ বিশ্বই মূখামূখী হোৱা অৰ্থনৈতিক সংকটৰ আৰু কৰণা ভাইৰাছৰ এই ত্ৰাসৰ সময়ত দিয়া জাপানবাসীক কিদৰে নেতৃত্ব দিয়ে সেয়া হব লক্ষনীয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in