নিজৰ উপাৰ্জনেৰে ২৩বছৰ বয়সতে ৪০কোটি টকাৰ অট্টালিকা কিনিলে জাহ্নৱীয়ে…

নিজৰ উপাৰ্জনেৰে ২৩বছৰ বয়সতে ৪০কোটি টকাৰ অট্টালিকা কিনিলে জাহ্নৱীয়ে…

ডিজিটেল ডেস্কঃ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে, বলিউদত এবাৰ খোপনি পুতিব পাৰিলে ঐশ্বৰ্য-বিভূতিৰ কোনো দিন অভাৱ নহয়। শেহতীয়াকৈ এই কথাই প্ৰমাণ কৰিলে প্ৰয়াত শ্ৰীদেৱী আৰু বনী কাপুৰৰ কন্যা জাহ্নৱী কাপুৰে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, ২৩ বছৰীয়া জাহ্নৱী কাপুৰে শেহতীয়াকৈ নিজৰ উপাৰ্জনেৰে কিনিছে এটা ঘৰ। মুম্বাইত নতুনকৈ ক্ৰয় কৰা এই ঘৰটোৰ মূল্য প্ৰায় ৩৯কোটি। মুম্বাইৰ জুহু নামৰ অঞ্চলটোত আছে এই ঘৰটো।

২০২০ৰ ডিচেম্বৰ মাহতে এই ঘৰটো কিনাৰ বাবে চুক্তি কৰিছিল জাহ্নৱীয়ে। ৭ ডিচেম্বৰত এই চুক্তি ফাইনেল কৰিছিল তেওঁ। প্ৰাপ্ত খবৰ অনুসৰি, এই ঘৰটো তিনিটাকৈ মহলাৰ লগতে আছে বিশাল এখন ফুলনিও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in