জনতা ভৱনত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্চ ভাৰত অভিযানক চূড়ান্ত ভেঙুচালি, চাওক VIDEO

জনতা ভৱনত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্চ ভাৰত অভিযানক চূড়ান্ত ভেঙুচালি, চাওক VIDEO

ডিজিটেল ডেস্কঃ প্ৰধান মন্ত্ৰী মোডীৰ স্বচ্চ ভাৰত অভিযানক চূড়ান্ত ভেঙুচালি কৰা পৰিলক্ষিত হৈছে খোদ ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ জনতা ভৱনত ৷ বিভিন্ন কামত দৈনিক হাজাৰ হাজাৰ লোক সমবেত হোৱা অসম চৰকাৰৰ প্ৰশাসনিক মুল কেন্দ্ৰ স্বৰূপ জনতা ভৱনত এতিয়া চুড়ান্ত অৰাজক পৰিবেশে বিৰাজ কৰিছে ৷

'অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক'ৰ পৰা কৰা চৰজমিন তদন্তত দেখা পোৱা গ'ল এক দুগন্ধময় পৰিবেশ ৷ অসম সচিবালয়ৰ 'চি' ব্লকৰ প্ৰথম মহলাত থকা পৰিকল্পনা শাখা থকা পুৰুষৰ প্ৰস্ৰাৱগাৰটোৰ লগতে অন্যান্য বিভিন্ন প্ৰস্ৰাৱগাৰত দেখা গ'ল অতি লেতেৰা পৰিবেশ ৷ এনে অতি অস্বাস্থ্যকৰ পৰিবেশতে দৰ্শনাৰ্থীৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকলেও প্ৰস্ৰাৱ আৰু মলত্যাগ কৰিব লগা হৈছে ৷

এইবোৰ চাফ-চিকুনৰ ক্ষেত্ৰত বিভাগীয় ভাৱে কোনো ধৰনৰ পৰ্যবেক্ষণৰ ব্যৱস্থা সচিবালয়ত নাই ৷ সেয়ে দিনৰ পিছত দিন মাহৰ পাছত মাহ এনেদৰেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচঁনি হিচাপে পৰিচিত 'স্বচ্চ ভাৰত' অভিযানক চূড়ান্ত ভাৱে ভেঙুচালি কৰি আছে মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জনতা ভৱনত ৷

বিভিন্ন জন দৰ্শনাৰ্থীয়ে ডিজিটেল সংস্কৰণৰ সংবাদদাতাৰ আগত চৰকাৰখনৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চৰকাৰী আচঁনিসমূহ একমাত্ৰ বিজ্ঞাপন তথা ফাইলতে আবদ্ধ হৈ থকা বুলি কৈ দূৰ্নীতি অনিয়ম প্ৰতিটো বিভাগতে পূৰ্বতকৈ আৰু অধিক হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ভাৰত চৰকাৰৰ অভিলাষী 'স্বচ্চ ভাৰত' মিচন অসম সচিবালয়ত কাৰ্যত 'ওপৰে ৰং চং ভিতৰি কোৱা ভাতুৰি' ৰ দৰেই হৈছেগৈ বুলিব পাৰি ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in