কেইবাসহস্ৰ লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশত জানাজা সম্পন্ন ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক তাজুদ্দিন আহমেদৰ

কেইবাসহস্ৰ লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশত জানাজা সম্পন্ন ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক তাজুদ্দিন আহমেদৰ

ডিজিটেল সংবাদ, ডবকাঃ অৱশেষত মৃত্যুৰ সৈতে হাৰ মানি সকলোকে এৰি অচিন ঠাইলৈ গুছি গ'ল হোজাই জিলাৰ মোৰাঝাৰৰ 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক তাজুদ্দিন আহমেদ৷ শুকুৰবাৰে নিশা প্ৰায় ২ বজাত মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰপুৰ গাঁৱৰ নিজ বাসগৃহতেই সাংবাদিকজনে শেষ নিশ্বাস ত্যাগ কৰে৷ ২০১৫ চনৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিক তাজুদ্দিনৰ স্বাস্থ্যৰ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অধিক অৱণতি ঘটিছিল।

তাজুদ্দিন আহমেদ

যকৃতৰ ৰোগ ধৰা পৰাৰ পাছত সাংবাদিকগৰাকীক প্ৰথমে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সুস্থ হোৱাৰ কোনো লক্ষণ দেখা দিয়া নাছিল তাজুদ্দিনৰ দেহত। পৰৱৰ্তী সময়ত ডবকা, মোৰাঝাৰ আৰু হোজাইৰ সংবাদদাতা সকলে লগ লাগি আৰু সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহায়ত সাংবাদিকগৰাকীক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।

হায়দৰাবাদৰ এচিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ'লজিষ্টত সাংবাদিকগৰাকীক ভৰ্তি কৰোৱাই চিকিৎসা কৰাত কিছু পৰিমাণে সুস্থ হৈ উঠে তেওঁ। চিকিৎসকৰ পৰা ৬ মাহৰ দৰৱ লৈ সাংবাদিকগৰাকী পুনৰ ঘৰলৈ ঘূৰি আহি নিজ কৰ্মত নিয়োজিত হয়। উল্লেখ্য যে, তাজুদ্দিন আহমেদৰ চিকিৎসাৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন' সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগতে হায়দৰাবাদত থকা প্ৰতিষ্ঠিত ব্যৱসায়ী সুৰেশ নটৰাজন আৰু আজমল ফাউণ্ডেশ্যনেও বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

তেওঁক তিনিবাৰ হায়দৰাবাদৰ যশোদা হাস্পতাল, শেহতীয়াকৈ প্ৰথমে গুৱাহাটীৰ এপল' ইন্টাৰনেচনেল আৰু শেষত হাম হাস্পতালত চাৰি ৰাতি ৰাখি চাৰিদিন আগেয়ে ঘৰলৈ নিয়া হয়। ২০১৫ পৰা তেওঁ অসুস্হ হৈ আছিল যদিও মাজত তিনিবছৰ তেওঁ বহু পৰিমাণে সুস্হ হয় যদিও পুনৰ অসুস্হ হয়। যোৱা পাচ বছৰত তেওঁৰ চিকিৎসাৰ তদাৰক স্থানীয় সাংবাদিকসকলৰ লগতে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কৰি আছিল।

মাজতে হাস্পতালৰ পৰা ঘৰলৈ ঘূৰি আহি তাজুদ্দিন আহমেদে পুনৰ সংবাদদাতাৰূপে কাম আৰম্ভ কৰে যদিও ২০১৮ চনৰ পৰা পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱণতি ঘটিবলৈ ধৰে। তেনে পৰিপ্ৰেক্ষিতত পুনৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ পত্নী আৰু ৬ বছৰীয়া পুত্ৰ সন্তানটোৰ সৈতে হাহাকাৰ কৰিবলগা হয়। পূৰ্বেই পৰিয়ালটোৱে তেওঁৰ চিকিৎসাৰ নামত বিক্ৰী কৰিবলগা হৈছিল মাটি, সম্পত্তি। তেনে পৰিস্থিতিত সেইবাৰ সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে সুহৃদৰ সহায়ৰ আহ্বান জনাবলৈ বাধ্য হয় পৰিয়ালটো। চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁ অধিক অসুস্থ হৈ পৰাত হোজাইৰ হাম হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতাল কৰ্তৃপক্ষই তেওঁক কেইদিনমান আই চি ইউ ৰাখি চিকিৎসা প্ৰদান কৰোৱাই পুনৰ ঘৰলৈ উভতাই পঠিয়ায়৷

১৯৭২ চনত জন্মগ্ৰহণ কৰা তাজুদ্দিন আহমেদে প্ৰথমিক শিক্ষা সুতাৰপুৰ মুক্তাব স্কুলত আৰম্ভ কৰে৷ হাইস্কুলীয়া শিক্ষা লাভ কৰে মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা৷ হোজাই মহাবিদ্যলয়ৰ পৰা স্নাতক ডিগ্ৰি লাভ কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী আৰু কানপুৰৰ চি এ জে এন বিশ্ববিদ্যালয়ৰ পৰা পুৰণি বুৰঞ্জী বিভাগত দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷ ২০০৮ বৰ্ষত মোৰাঝাৰৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক মুছলিম উদ্দিনে দুৰ্বৃত্তৰ হাতত প্ৰাণ দিয়াৰ পাছৰে পৰাই তাজুদ্দিন আহমেদে ধাৰাবাহিকভাৱে 'অসমীয়া প্ৰতিদিন'ত সংবাদ পৰিবেশন কৰি আহিছিল৷

মৃত্যুৰ সময়ত তেওঁ পত্নী, ৮ বছৰীয়া এটি পুত্ৰ, পিতৃ-মাতৃৰ লগতে দুগৰাকী ভাতৃ আৰু অনেক গুনমুগ্ধক এৰি থৈ যায়৷ তেওঁ মোৰাঝাৰ প্ৰেছ ক্লাৱৰ সভাপতি, মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সম্পাদক, মোৰাঝাৰ কলেজৰ সহকাৰী সাধাৰণ সম্পাদকৰ পদতো অধিষ্ঠিত হৈ আছিল৷ জেষ্ঠ সাংবাদিক গৰাকীৰ মত্যুত অসমীয়া প্ৰতিদিন কাকত, ডবকা প্ৰেছ ক্লাৱ, মোৰাঝাৰ প্ৰেছ ক্লাৱ, নীলবাগান প্ৰেছ ক্লাৱ, যমুনামুখ প্ৰেছ ক্লাৱ, যমুনাভেলী প্ৰেছ ক্লাৱ, সদৌ অসম সাংবাদিক সন্থা, অসম ৰাজ্যিক সাংবাদিক সন্থা, এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেশ্যন, ডবকা শাখা সাহিত্য সভা, যমুনাপৰীয়া সাহিত্য সভা, ডবকা আঞ্চলিক ছাত্ৰ সন্থা, আদি বিভিন্ন সংগঠন আৰু ব্যক্তি বিশেষে গভীৰ শোক ব্যক্ত কৰিছে।

শনিবাৰে পুৱা ১০.৩০ বজাত কেইবাসহস্ৰাধিক লোকৰ উপস্থিতিত নিজ বাসগৃহৰ সমীপতে এক শোকাকুল পৰিৱেশত সাংবাদিকগৰাকীৰ জানাজা সম্পন্ন কৰা হয়৷ এই জানাজাৰ সময়ত সাংবাদিকগৰাকীৰ জীৱন কৃতি সম্পৰ্কে জ্যেষ্ঠ সাংবাদিক জিয়াউৰ ৰহমানৰ লগতে কেইবাগৰাকীও সাংবাদিক আৰু বিশিষ্ট ব্যক্তিয়ে আলোকপাত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in