আজি সমাপ্ত হ’ব সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা…

আজি সমাপ্ত হ’ব সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা…
  • সোমবাৰে অন্ত পৰিব সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্দাব যাত্ৰা।
  • কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত শনিবাৰে গুৱাহাটীত আহি উপস্থিত হয় সোণোৱাল।
  • বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰম্ভ হয় সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা।
  • শনিবাৰে দিনটোত কামৰূপ মহানগৰ জিলাত কেইবাটাও স্থানত সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে সভাত অংশগ্ৰহণ কৰে নিশা ব্ৰহ্মপুত্ৰ অতিথিশালাত নৈশ যাপন কৰে।
  • দেওবাৰে সোণোৱালে গুৱাহাটীৰ পৰা জাগীৰোড, বটদ্ৰৱা, নগাঁও হৈ যোৰহাটত উপস্থিত হয়।
  • এই যাত্ৰা কালত কেইবাটাও স্থান পৰিদৰ্শন কৰাৰ লগতে সভাত অংশগ্ৰহণ কৰে আৰু সম্বৰ্ধনা গ্ৰহণ কৰে।
  • দেওবাৰে যোৰহাটত উপস্থিত হৈ নৈশ যাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • সোমবাৰে উজনী অসমৰ কেইবাটাও স্থানত জন আশীৰ্বাদ যাত্ৰাত ভাগ লোৱাৰ পাছতে সমাপ্ত হ'ব তেওঁৰ এই যাত্ৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in