বান খহনীয়াই নিদ্ৰা হৰিছে বনপূৰৈ জামগুৰিৰ নদীপৰীয়া ৰাইজৰ…

বান খহনীয়াই নিদ্ৰা হৰিছে বনপূৰৈ জামগুৰিৰ নদীপৰীয়া ৰাইজৰ…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ ধলপুৰ মৌজাৰ অন্তৰ্গত বনপূৰৈ জামুগুৰিত গৰাখহনীয়াই সম্প্ৰতি সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰথমটো বাৰিষাৰ পৰা ক্ৰমাৎ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে বিগত সময়ত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ মাটি বাৰী ঘৰ-দোৱাৰ আদি ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণৰূপে জাহ গৈছে ৷

উল্লেখ্য যে, বিভাগীয়ভাবে গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও তিলমানো খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বিভাগটোৱে৷ এই ক্ষেত্ৰত গৰাখহনীয়া প্ৰতিৰোধৰ নামত বাঁহ আৰু গছৰ ডাল-পাত দি ভেকোঁভাওনা কৰাৰো গুৰুতৰ অভিযোগ আনিছে গঞা ৰাইজে৷ নিশা খহনীয়াৰ প্ৰচণ্ড শব্দৰ লগতে মৃত্যুৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে নৈপৰীয়া ৰাইজে।

সোমবাৰে স্থানীয় একাংশ পুৰুষ মহিলা, সৰুৰ পৰা বৃদ্ধলৈকে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ সংগমস্থলী বনপূৰৈ জামুগুৰি ঘাটৰ তিনি নং চেক বান্ধত উপস্থিত হৈ অতি শীৰ্ঘে গৰাখহনীয়া ৰোধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, যোৱা ২৮ জুলাইত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত স্থানত গৰাহনীয়া আৰু বান পৰিস্থিতি বুজ লৈ গৰাখহনীয়া আৰু বানপানী সমস্যাটো বিজ্ঞান সন্মতভাবে সমাধানত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি সংবাদ মাধ্যমক উল্লেখ কৰি সংশ্লিষ্ট বিভাগত নিৰ্দেশ দিয়াৰ কথা অৱগত কৰিছিল ৷

মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত, সাংসদদ্বয় প্ৰদান বৰুৱা আৰু পল্লৱলোচন দাস, বিধায়ক দেৱানন্দ হাজিৰিকা উপস্থিত হৈ কেৱল বান আৰু গৰাখহনীয়া পৰিদৰ্শনহে কৰিলে কিন্তু এটকাও পেকেজ ঘোষণা নকৰিলে বুলি স্থানীয় ৰাইজে বিষয়টো সমালোচনা কৰাৰ লগতে নদীপৰীয়া ৰাইজৰ দুখৰ সমভাগী হৈ এষাৰ কথাও নাপাতিলে অথবা মতামত নল'লে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

সোমবাৰে প্ৰতিবাদী ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, আমাৰ সমস্যা সমাধান কৰক, আমাক জীয়াই থাকিবলৈ দিয়ক আদি শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে৷ উপস্থিত ৰাইজে সম্প্ৰতি গৰাখহনীয়াই যি তীব্ৰ ৰুপ ধাৰণ কৰিছে তেনে সময়ত নিজৰ সতি-সন্ততি লৈ যাব ক'লৈ, কি কৰিব আদি চিন্তাই দিশহাৰা কৰি তুলিছে৷ এতিয়া মাথোঁ বাট চাই ৰৈছে চৰকাৰ খনলৈ কিজানি কোনো সহৃদয় নেতাই নৈপৰীয়াৰ যন্ত্ৰণা বুজি পায়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in