ভয়ংকৰ ভূমিস্খলন! জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ ১৩০০ বাহন…

ভয়ংকৰ ভূমিস্খলন! জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ ১৩০০ বাহন…

ডিজিটেল ডেস্কঃ দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবন জিলাৰ জম্মু-শ্ৰীনগৰসংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে যান-বাহন চলাচল। এইভূমিস্খনৰ ফলত ঘাইপথটোত সহস্ৰাধিক লোক আৱদ্ধ হৈ পৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰঅনুসৰি,জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ১৩ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকেবাহনসমূহ।

দেওবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত এই ঘাইপথটোত যান-বাহনচলাচল পুনৰ অব্যাহত কৰা হৈছিল যদিও দুপৰীয়া ভাগত হোৱা এই ভূমিস্খলনৰ ফলত পুনৰঘাইপথটোত স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা।

পথটোৰ ওপৰত বাগৰি পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু মাটিসমূহআঁতৰোৱাৰ বাবে প্রশাসনৰ তৰফৰ পৰা কাম-কাজ চলোৱা হৈছে বুলিও জানিব পৰা গৈছে। কিয়নোপথটোৰ প্ৰায় ১০০ মিটাৰলৈ ভূমিস্খলনৰ ফলত শিল-মাটিৰে আৱদ্ধ হৈ পৰে। জানিব পৰা মতে,পথটোত পুনৰ যান-বাহন চলাচল কৰিবলৈ হ'লে প্ৰায় ১২ ঘণ্টাৰ প্ৰয়োজন হ'ব। আৰু ইয়াৰ ফলতপথটোত প্ৰায় ১৩শ খনকৈ বাহন আৱদ্ধ হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in