জম্মু-কাশ্মীত আংশিকভাৱে ইন্টাৰনেট আৰু ম’বাইল সেৱা খুলি দিলে প্ৰশাসনে…

জম্মু-কাশ্মীত আংশিকভাৱে ইন্টাৰনেট আৰু ম’বাইল সেৱা খুলি দিলে প্ৰশাসনে…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত শুকুৰবাৰে পুৱা আংশিকভাৱে খুলি দিয়া হয় ফোন আৰু ইন্টাৰনেট সেৱা। কেন্দ্ৰ চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা আৰু দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে বিভক্ত কৰাৰ পাছত ৰাজ্য দুখনৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী।

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটী আৰু ওমৰ আব্দুল্লাসহ প্ৰায় ৪০০ ৰাজনৈতিক নেতাক বাসগৃহৰ ভিতৰতে আৱদ্ধ কৰি ৰখা হৈছে। যাতে তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিব নোৱাৰে। ইফালে, ৰাজ্যপাল সত্যপাল মালিকে বৃহস্পতিবাৰে ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় জম্মু-কাশ্মীৰত।

তেওঁৰাজ্যবাসীক আশ্বাস দিয়ে যে- ঈদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত জাৰি কৰা প্ৰতিবন্ধকতাসমূহকমোৱা হ'ব। আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰবাসীক আশ্বাসপ্ৰদান কৰে যে, চৰকাৰে এয়া সুনিশ্চিত কৰি আছে যে সৰ্বসাধাৰণ লোকে যেন ঈদ পালনতকোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়।

ইফালে, শুকুৰবাৰে শ্ৰীনগৰ বিমানত উপস্থিত হয় চি পি আই (এম)ৰ মহাসচিব সীতাৰাম য়েছুৰী আৰু তেওঁৰ সতীৰ্থ ডি ৰাজা। বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁলোকক জিম্মাত লয়। য়েছুৰী আৰু ৰাজাই দলৰ কৰ্মকৰ্তাসকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ আহে শ্ৰীনগৰলৈ। কিন্তু তেওঁলোকক বিমান বন্দৰতে ৰখাই থোৱা হয়।

তাৰপাছত চিপিআই (এম)-য়ে শুকুৰবাৰে টুইটাৰ লিখে-'সীতাৰাম য়েছুৰীক শ্ৰীনগৰৰ বিমান বন্দৰত আৱদ্ধ কৰি ৰখা হৈছে। আৰু তেওঁক ক'তো যাবদিয়া হোৱা নাই। তেওঁ প্ৰথমে প্ৰশাসনক তেওঁৰ যাত্ৰা সন্দৰ্ভত অৱগত কৰিছিল। আমিতেওঁক এনেদৰে আৱদ্ধ কৰি ৰখাৰ বিৰোধিতা কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in