শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

জম্মু-কাশ্মীৰৰ নিষেধাজ্ঞা সন্দৰ্ভত কি ক’লে ৰাজ্যপাল সত্যপাল মালিকে…

509

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছত বৰ্তমান কেন্দ্ৰ শাসিত দুখন প্ৰদেশৰ পৰিৱেশ-পৰিস্থিতিক লৈ মন্তব্য কৰে ৰাজ্যপাল সত্যপাল মালিকে।

দেওবাৰে ৰাজ্যপালগৰাকীয়ে কয় যে, ৰাজ্যখনত নিষেধাজ্ঞাৰ বাবে বহু লোকৰ প্ৰাণৰক্ষা পৰে। ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছৰ পৰা বৰ্তমানলৈ কোনো লোকৰ মৃত্যু হোৱা নাই। ইফালে, সাংবাদিকে কৰা এক প্ৰশ্নত ৰাজ্যপাল মালিকে কয় যে, ‘এনে নিষেধাজ্ঞাৰ ফলত যদি সাধাৰণ লোকৰ জীৱন ৰক্ষা পৰে তেন্তে তাত কোনো অসুবিধা নাই।’

লগতে ৰাজ্যপালগৰাকীয়ে কয়- ‘আগতে কাশ্মীৰলৈ কোনো শংকত আহে, তেন্তে প্ৰথমটো সপ্তাহতে কমেও ৫০জনকৈ লোকৰ মৃত্যু হয়। কিন্তু আমি নজৰ ৰাখিছিলো যাতে কোনো লোকৰ প্ৰাণহানি নহয়। ১০ দিনৰ বাবে টেলিফোনৰ সেৱা বন্ধ কৰা আছিল যদিও, আমি পুনৰ সেই সেৱা শীঘ্ৰেই সকলো প্ৰান্ততে উপলব্ধ কৰাম।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি