জম্মু-কাশ্মীৰত তুমুল সংঘৰ্ষঃ নিহত ৩ সন্ত্ৰাসবাদী, ১ জোৱান

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত শনিবাৰে আৰক্ষীয়ে চলোৱা অভিযানত প্ৰচুৰ সংঘৰ্ষৰ সৃষ্টি হয় সন্ত্ৰাসবাদীৰ সৈতে। দুই পক্ষৰ এই সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ পৰিৱৰ্তে এজন সেনা জোৱান শ্বহীদ হয়। উল্লেখ্য যে, আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি থকা সময়তে ঘটনাস্থলীৰ নিচেই কাষলৈ গৈছিল বহু নিৰীহ জনতা। যাৰফলত ৭জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয়- 'নিৰীহ লোককেইজন আহত হোৱাত আমি শোক প্ৰকাশ কৰিছো। কিন্তু আমি সকলোকে আৱেদন জনাইছো যে, যেতিয়া আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো অভিযান অব্যাহত ৰাখো সেই সময়ত উক্ত স্থানৰ পৰা যেন সাধাৰণ জনতা দূৰত থাকে। কাৰণ এই দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কোনো নিৰ্দোষীয়ে নিজৰ প্ৰাণো হেৰুৱাব পাৰে। ইয়াৰোপৰি, ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। লগতে অভিযান চলোৱা স্থানৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক নথি উদ্ধাৰ কৰা হৈছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in